ETV Bharat / state

ডিলাইত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ - ডিলাইত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

ডিলাইত গাড়ীৰ ইঞ্জিনৰ গোপন কক্ষত লুকুৱাই অনা প্ৰায় 5.5 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ ৷ এই সন্দৰ্ভত গ্ৰেপ্তাৰ এজন ড্ৰাগছ সৰবৰাহকাৰী ৷

ডিলাইত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
ডিলাইত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
author img

By

Published : Apr 26, 2021, 11:22 AM IST

ডিফু,26 এপ্ৰিল: অবৈধ ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্ত অঞ্চলত পুনৰ লাভ কৰিছে এক বৃহৎ সফলতা ৷ প্ৰাপ্ত তথ্য অনুসৰি, বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষীয়ে দেওবাৰে চলোৱা এক অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ডিলাইত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
ডিলাইত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি, এক গোপন সূত্ৰৰ ভিত্তিত দেওবাৰে দিনৰ প্ৰায় 5.30 বজাত ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়া তথা সহকাৰী উপ-পৰিদৰ্শক জিতেন গগৈৰ নেতৃত্বত ডিলাই আৰক্ষীৰ এটা অভিযানকাৰী দলে 36 নং ৰাষ্ট্ৰীয় ঘাইপথত চলাই এক তালাচী অভিযান । উক্ত অভিযানত আৰক্ষীৰ দলটোৱে ইম্ফলৰ পৰা গুৱাহাটী অভিমুখী এএছ ০১ ইটি ০৯১০ নম্বৰৰ এখন টাটা ছাফাৰী গাড়ীত তালাচী চলাই সত্তৰটা চাবোনৰ বাকচত মুঠ ৭৭৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, উদ্ধাৰ হোৱা ড্ৰাগছসমূহ গাড়ীখনৰ ইঞ্জিনৰ কেবিনৰ এক গোপন কক্ষত লুকুৱাই অনা হৈছিল ৷ এই সন্দৰ্ভত আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । ড্ৰাগছ সৰবৰাহকাৰী গৰাকী মণিপুৰৰ ইম্ফলৰ লিলং আৰক্ষী থানাৰ অন্তৰ্গত লিলং গাঁৱৰ আফটাব আলীৰ পুত্ৰ মাজিদ আলী বুলি চিনাক্ত কৰা হৈছে ৷

আনহাতে, অধিক তথ্যৰ বাবে ডিলাই আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰাখিছে ৷ বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ তত্বাৱধানত জব্দ কৃত ড্ৰাগছসমূহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য প্ৰায় ৫ কোটি ৫০ লাখ বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ।

লগতে পঢ়ক: ভাৰতত নতুনকৈ ৩,৫২,৯৯১ জন কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.