ETV Bharat / state

Arms recover at Dokmoka: আৰক্ষীৰ অভিযানত ডকমকাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ - নতুন উগ্ৰপন্থী সংগঠন

ডকমকাত বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ ৷ মাটিত পুতি ৰখা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰ আৰু সক্ৰিয়া গুলী (Arms recover at Dokmoka) ৷ সংবাদমেলযোগে এই কথা সদৰী জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ ৷

Arms recover at Dokmoka
Etv Bharat
author img

By

Published : Mar 16, 2023, 9:10 PM IST

আৰক্ষীৰ অভিযানত ডকমকাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ডিফু, 16 মাৰ্চ: ডকমকাত মাটিৰ তলত পুতি ৰখা অৱস্থাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু সক্ৰিয় গুলী উদ্ধাৰ ৷ মাটিত পুতি ৰখা অৱস্থাত উদ্ধাৰ কৰা হয় অস্ত্ৰ-শস্ত্ৰখিনি ৷ আসন্ন লোকসভা নিৰ্বাচনৰ পূৰ্বে পাহাৰীয়া জিলাখনত এই দৰে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাকলৈ সৃষ্টি হৈছে চাঞ্চল্যৰ (Fire arms recover at Dokmoka) ৷

অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাৰ কথা বৃহস্পতিবাৰে সংবাদমেলযোগে সদৰী কৰে জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰা অনুসৰি এক গোপন খবৰৰ ভিত্তিত উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত ডকামকা আৰু হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে এটা আৰক্ষীৰ দলে অভিযান চলাইছিল ডকমকা থানা এলেকাৰ ডয়ডাক অঞ্চলত ৷ সেই অভিযানতে আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৃহৎ অস্ত্ৰৰ ভাণ্ডাৰ (Huge arms cache recovered in Karbi Anglong) ৷

উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰসমূহৰ ভিতৰত আছে এটা AK-56 ৰাইফল ,এটা 9mm পিষ্টল, এটা 0.32 পিষ্টল , দুটা মেগজিন থকা এটা 9mm ষ্টেণ্ড গান, 9 টা AK মেগজিন, 88 জাঁই সক্ৰিয় গুলী, ইয়াৰ ভিতৰত আছে AK চিৰিজৰ গুলী, 7 টা 9mm ৰ সক্ৰিয় গুলী ৷

আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই সদৰী কৰা অনুসৰি জিলাখনত কোনো নতুন উগ্ৰপন্থী সংগঠনে আত্মপ্ৰকাশ কৰাৰ তথ্য আৰক্ষীৰ হাতত নাই যদিও জিলাখনত আইন-শৃংখলা অটুট ৰখাৰ বাবে আৰক্ষী সদায় সষ্টম হৈ থাকিব ৷ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰৰ নেপথ্যত থকা উৎসৰ কথা কোৱাৰ পৰা বিৰত থাকি জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে তদন্ত সম্পূৰ্ণ কৰাৰ পাচতহে অস্ত্ৰসমূহ কোনে এনেদৰে পুতি ৰাখিছিল সেই কথা ক’ব পাৰিব বুলি উল্লেখ কৰে (Arms Ammo Found Buried In Karbi Anglong) ৷

উল্লেখ্য যে, জিলাখনত অব্যাহত আছে ড্ৰাগছৰ বেহা ৷ পাহাৰীয়া জিলাখনক কৰিডৰ হিচাবে গ্ৰহণ কৰি অসাধু চক্ৰই অব্যাহত ৰাখিছে ড্ৰাগছৰ সৰবৰাহ ৷ এই ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধেও সীমান্ত অঞ্চলত ধাৰাবাহিক অভিযান অব্যাহত থাকিব বুলি সদৰী কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক: ULFA I Sainik Divas: সৈনিক দিৱসত কি বাৰ্তা দিলে আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.