ETV Bharat / state

ডিমাচা উৎসৱৰ মাজতে গুলিচালনা, ২ জন নিহত - সম্প্ৰতি যোৱা নিশা সংঘটিত এই হত্যাকাণ্ড

বুধবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৰ খাৰনাইদিছা গাঁৱত সংঘটিত হোৱা এই ভয়ংকৰ আক্ৰমণে এলেকাতোত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ আহত যুৱকজন বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

অসম-নাগালেণ্ড সীমান্তত সন্দেহযুক্ত DNLA ৰ গুলী চালনাত প্ৰাক্তন DHD নেতা নিহত

author img

By

Published : Jan 28, 2021, 10:03 AM IST

Updated : Jan 28, 2021, 11:44 AM IST

ডিফু,২৮ জানুৱাৰীঃ ডিমাচা জনগোষ্ঠীৰ জাতীয় উৎসৱ বিছু ডিমাত গুলিচালনা ৷ এই গুলিচালনাত প্ৰাক্তন DHD নেতা অমিৎ নুনিছা আৰু আলতা মাইবংচা’ নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় ৷ আহত হয় আছিচ ফংলচা’ নামৰ এগৰাকী যুৱক ৷ বুধবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৰ খাৰনাইদিছা গাঁৱত সংঘটিত হোৱা এই ভয়ংকৰ আক্ৰমণে এলেকাতোত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ আহত যুৱক জন বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

অসম-নাগালেণ্ড সীমান্তত সন্দেহযুক্ত DNLA ৰ গুলী চালনাত প্ৰাক্তন DHD নেতা নিহত
উল্লেখযোগ্য যে,কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ ধনশিৰি থানাৰ অন্তৰ্গত খাৰনাইদিছা গাঁৱত বুধবাৰে নিশা ১১ বজাত সংঘটিত এক গুলিচালনাত প্ৰাক্তন DHD নেতা অমিৎ নুনিছা আৰু আলতা মাইবংচাং’ নামৰ এগৰাকী মহিলাৰ মৃত্যু হৈছে ৷ এই আক্ৰমণত আন এগৰাকী যুুৱক আছিচ ফংলচা’ৰ হাতত গুলি লাগিছে ৷ জানিব পৰা মতে বুধবাৰে ডিমাছা সকলৰ জাতীয় উৎসৱ বিছু ডিমা আছিল ৷ সেয়ে গাঁৱে গাঁৱে আয়োজন কৰা হৈছিল বিছু ৷ খাৰনাইদিছা গাঁৱতো ৰাইজে দিনটো বিছু উপভোগ কৰি ভোজ ভাত খাইছিল ৷ নিশা উৎসৱৰ মাদকতাৰ মাজতে প্ৰায় ১১ বজাত সন্দেহযুক্ত DNLA নামৰ উগ্ৰপন্থী সংগঠনটোৱে অত্যাধুনিক মৰণাস্ত্ৰৰে আক্ৰমণ কৰে প্ৰাক্তন DHD নেতা অমিৎ নুনিছাক ৷ সাতটা গুলিৰে প্ৰাক্তন বিদ্ৰোহী গৰাকীৰ দেহ থকা-সৰকা হৈ পৰে ৷ এই গুলিচালনাত তেওঁৰ কাষতে থকা আলতা মাইবংচা’ নামৰ মহিলা গৰাকীৰ কপালত গুলি লাগি মৃত্যু হয় ৷ আহত হয় আছিচ ফংলচা’ নামৰ এজন যুৱক ৷

আনহাতে আৰক্ষীয়ে এই ঘটনাত কোন জড়িত এতিয়াও স্পষ্ট কৰা নাই যদিও সন্দেহ কৰা অনুসৰি এই ঘটনা DNLA নামৰ সংগঠনটোৱে সংঘটিত কৰাৰ অভিযোগ ৷ কাৰণ প্ৰাক্তন DHD সকলৰ বাবে তেওঁলোকে ধনশিৰি এলেকাত খোপনি পুতিব পৰা নাই ৷ ইয়াৰ পূৰ্বে ২০১৭ চনত DHD প্ৰাক্তন সেনাধ্যক্ষ প্ৰণৱ নুনিছা আৰু নিলেন্দু ডিমাছাকো সংগঠনটোৱে হত্যা কৰাৰ চেষ্টা কৰিছিল ৷ সম্প্ৰতি যোৱা নিশা সংঘটিত এই হত্যাকাণ্ডই এতিয়া এলেকাটোত আতংকৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়কঃ ধৰ্মপুৰত চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত বিজেপিত যোগদান কাৰ্যসূচী

Last Updated : Jan 28, 2021, 11:44 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.