হোজাই, 19 অক্টোবৰ : পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত অব্যাহত আছে চোৰাং কাঠৰ বেহা । খেৰণি বন বিভাগৰ অভিযানত জব্দ হয় চোৰাং কাঠৰ কুণ্ডাভৰ্তি বলেৰ' পিক-আপ ভান । জব্দকৃত বাহন খনৰ নম্বৰ-এম এল ০৪চি-৮০৪৭ বুলি জানিব পৰা গৈছে । সম্প্ৰতি বন বিভাগৰ জিম্মাত আছে বাহনখন । উল্লেখ্য যে, মেঘালয়ৰ দুৰ্বৃত্তই অবাধে কাটি তহিলং কৰিছে কাৰ্বি ভূমিৰ মূল্যবান গছ । একাংশ চোৰাং কাঠৰ ব্যৱসায়ীয়ে অসমৰ পৰা মেঘালয়লৈ চোৰাং কাঠৰ কুণ্ডা সৰবৰাহৰ কাম চলাই আহিছে ।
যাৰ পৰিপ্ৰেক্ষিতত সংকুচিত হৈ আহিছে কাৰ্বি ভূমিৰ সংৰক্ষিত বনাঞ্চল । ইপিনে, যাতায়তৰ অসুবিধা, বন কৰ্মীৰ অভাৱ আৰু প্রয়োজনীয় চৰকাৰী বাহন আদিৰ অভাৱত বনাঞ্চল ধ্বংস প্ৰতিৰোধৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাতো খেৰণি বন বিভাগ ব্যৰ্থ হবলগীয়া হৈছে বুলি প্ৰকাশ কৰিছে বিভাগটোৱে । বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে অসম-মেঘালয় সীমান্তত অভিযান চলাই আহিছে খেৰণি বন বিভাগে ।
লগতে পঢ়ক:টীয়কত কংগ্ৰেছ,অগপ এৰি গেৰুৱা বসন পিন্ধিলে শতাধিক সদস্যই