ETV Bharat / state

Heroine seized: প্ৰায় 6 কোটি টকাৰ হেৰ’ইনসহ সৰবৰাহকাৰী আটক

author img

By

Published : Jun 5, 2023, 9:40 PM IST

কাৰ্বি আংলং জিলাৰ বৰপথাৰ থানা এলেকাৰ ২ নম্বৰ নামবৰ চাগানৰ দলঙৰ কাষত এক বিশেষ নাকা তালাচীত বুজন পৰিমানৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় (Heroine seized in Karbi Anglong)৷ জব্দ কৰা হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৬ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে (6 cr worth drugs seized) ৷

Heroine seized along with peddler in Karbi Anglong
প্ৰায় 6 কোটি টকাৰ হেৰ’ইনসহ সৰবৰাহকাৰী আটক

Heroine seized in Karbi Anglong
কাৰ্বি আংলঙত প্ৰায় 6 কোটি টকাৰ হেৰ’ইন জব্দ

ডিফু, ৫ জুন: বিগত দিন ধৰি ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে (Mission against Drugs in Assam)৷ কিন্তু আৰক্ষীকো কেৰেপ নকৰি একাংশই এতিয়াও অব্যাহত ৰাখিছে নিচাযুক্ত সামগ্ৰীৰ মাৰাত্মক বেহা ৷ যদিও ড্ৰাগছ সৰবৰাহকাৰীয়ে নিজৰ কু-অভিপ্ৰায়েৰে নিতৌ ন ন কৌশল অৱলম্বন কৰিও আৰক্ষীৰ শেন চকুৰ পৰা ৰক্ষা পোৱা নাই (Assam police raid against drugs) ৷ বিভিন্ন সময়ত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰিছে ৷

ইয়াৰে মাজতে সোমবাৰে বিয়লি প্ৰায় ২ বজাত এক গোপন খবৰৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ বৰপথাৰ থানা এলেকাৰ ২ নম্বৰ নামবৰ চাহ বাগানৰ দলঙৰ কাষত এক বিশেষ নাকা তালাচীত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় (Heroine seized in Karbi Anglong)৷ বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দ্বীপেন বৰুৱা আৰু তেওঁৰ দলৰ লগতে চি আৰ পি এফৰ চি 20 বেটেলিয়নৰ সহযোগত চলিছিল এই বিশেষ নাকা তালাচীৰ অভিযান (One peddler detained) ৷

আৰক্ষীয়ে তালাচী অভিযানৰ সময়ত AS 03 T2397 নম্বৰৰ এৰ্টিগা বাহনৰ দৰ্জাৰ পেনেলত কৌশলগতভাৱে লুকুৱাই অনা অৱস্থাত ৮৯ টা চাবোনৰ বাকচত ১ কেজি ১০৪ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত হেৰ’ইনখিনি সৰবৰাহৰ লগত জড়িত এটা সৰবৰাহকাৰীও আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো নগাঁও জিলাৰ কাচালুখুৱাৰ নিবাসী মনিন্দ্ৰ মল্লিকৰ পুত্ৰ পৰিশ মল্লিক (৪৯) ক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷ জব্দ কৰা হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৬ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে (6 cr worth drugs seized) ৷ লগতে হেৰ’ইনখিনি ডিমাপুৰৰ পৰা অনা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Gamblers Arrested in Udalguri: ওদালগুৰিত বন্দুক, বিলাসী বাহনসহ ৮ জুৱাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.