ডিফু, 1 ফেব্ৰুৱাৰী : ৰাজ্যত নিৰন্তৰ অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান(Anti Drugs Mission) ৷ প্ৰত্যেক দিনাই আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰি আহিছে ৷ ইয়াৰ মাজতে মঙলবাৰে হামৰেণ আৰক্ষীয়ে পশ্চিম কাৰ্বি আংলঙত এক অভিযান চলায় (Anti Drugs Mission at Karbi Anglong) ৷
এই অভিযানত চাৰিজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰে হামৰেণ আৰক্ষীয়ে (Drug addicated youth arrested by Hamren Police) ৷ এই চাৰিজন ড্ৰাগছ আসক্ত যুৱক ক্ৰমে, জনাছিং বে, ৰাজেন টেৰণ, জয়ছিং টিমুং আৰু আলফায়জ চিণ্ঠং বুলি জানিব পৰা গৈছে ৷
এক গোপন সূত্ৰ অনুসৰি, পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণ, জিৰিকিন্দেং, ডংকামোকাম আৰু সাতগাৱঁত হামৰেণ আৰক্ষীয়ে অভিযান চলাই প্ৰায় 18.61 গ্ৰাম সন্দেহযুক্ত হেৰ’ইন (Heroin Seized in Karbi Anglong), খালী কন্টেইনাৰসহ 5 টা চিৰিঞ্জ আৰু 28 টা কেপচুল জব্দ কৰে (Psychotropic Drugs Seized Karbi Anglong) ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে দুয়োকে সোধা পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : Anti drugs mission : ধুবুৰী আৰক্ষীৰ জালত ব্ৰাউন ছুগাৰসহ ড্ৰাগছ মাফিয়া