ETV Bharat / state

বোকাজানত ‘‘ন ৰোড ন ভোট’’ শ্ল’গান, পথ নিৰ্মাণৰ দাবীত অৰ্ধ উলংগ প্ৰতিবাদ - half nude protest at diphu

সুচল পথৰ দাবীত হাহাকাৰ শতায়ু গৰকা কেইবাখনো গাঁও ৷ বোকাজানত পথ নিৰ্মাণৰ দাবীত অৰ্ধ উলংগ প্ৰতিবাদ ৷ "ন ৰোড ন ভোট" শ্ল’গান প্ৰতিবাদকাৰীৰ ৷ চৰকাৰে ৰাইজৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে অনাগত দিনত সম্পূৰ্ণ উলংগ প্ৰতিবাদ কৰাৰো হুংকাৰ ৷

half nude protest against bad road condition at diphu

author img

By

Published : Aug 1, 2020, 4:52 AM IST

ডিফু, 1 আগষ্ট : বছৰৰ পিছত বছৰ ধৰি এটা সুচল পথৰ বাবে আহ্বান চৰকাৰক ৷ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত অৱশেষত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ল বোকাজান মহকুমাৰ ছখনকৈ গাঁৱৰ ৰাইজ । স্থানীয় লোক সকলে দাবী কৰা অনুসৰি বোকাজান মহকুমাৰ সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দুহেজাৰৰো অধিক জনবসতিপূৰ্ণ চেছং বে', লাইচান গাঁও, মহৰি টকবি গাঁও, চিকাৰী বে' গাঁও, চিনি টেৰণ গাঁও আৰু হেমছিং হাঞ্চে আদি গাঁও সমূহ স্থাপন হোৱা শতবৰ্ষ অতিক্ৰম কৰিছে যদিও এলেকাটোৰ উন্নয়নৰ বাবে চৰকাৰে আজি পৰ্যন্ত কোনো গুৰুত্ব প্ৰদান কৰা নাই ।

জৰাজীৰ্ণ পথ
জৰাজীৰ্ণ পথ

39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোজিত হৈ থকা উক্ত গাঁওসমূহলৈ আহ-যাহ কৰা পথছোৱা নিৰ্মাণৰ বাবে স্থানীয় গাঁওবাসীয়ে বহু আবেদন নিবেদন কৰি অহাৰ পিছতো এনে আবেদনক কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷ আনহাতে এলেকাটোৰ পথছোৱাৰ মাজত থকা লাইচান নামৰ জানটোৰ ওপৰত কোনো দলং নিৰ্মাণৰ ব্যৱস্থা নকৰাৰ ফলতো ৰাইজে বিপদ সংকুল ভাৱে উক্ত পথেৰে যাতায়ত কৰিবলগীয়া হৈ আহিছে ।

উক্ত পথছোৱাৰ চৰম দুৰৱস্থাৰ পিছতো চৰকাৰে ইয়াক যাতায়তৰ সুচল কৰি তোলাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত গাঁও কেইখনৰ লোক সকলে শুকুৰবাৰে ওলাই আহি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । গাঁৱৰ যুৱক সকলে পথছোৱাৰ ওপৰতে থিয় দি অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অনতিপলমে পথছোৱা নিৰ্মাণ অথবা মেৰামতিৰ ব্যৱস্থা হাতত নল'লে অনাগত দিনত নিৰ্বাচন বৰ্জনৰ দৰে সিদ্ধান্ত লোৱাৰো হুংকাৰ প্ৰদান কৰে ।

বোকাজানত পথ নিৰ্মাণৰ দাবীত অৰ্ধ উলংগ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে লগতে "ন ৰোড ন ভোট" শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । আনহাতে স্থানীয় লোকসকলৰ এনে প্ৰতিবাদী কাৰ্যসূচীৰ পিছতো চৰকাৰে ৰাইজৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে অনাগত দিনত সম্পূৰ্ণ উলংগ প্ৰতিবাদ কৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী ৰাইজে ।

লগতে চাওক-ETV Exclusive : ডিব্ৰুগড়ত পুনৰ হ’ব নেকি লক্ ডাউন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.