ডিফু,১১ মাৰ্চ: নিৰ্বাচনী আচৰণ বিধিৰ মাজতে অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত বৃদ্ধি পাইছে অপৰাধজনিত কাৰ্যকলাপ ৷ বৃহস্পতিবাৰে অসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী লাহৰিজানত আৰক্ষীয়ে অভিযান চলাই ৯১ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে ।
আৰক্ষীয়ে লাভ কৰা গোপন তথ্য অনুসৰি লাহৰিজান আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ্জ্বল গগৈয়ে পহৰা চকীৰ সন্মুখতে এক তালাচী অভিযান আৰম্ভ কৰে ৷ উক্ত অভিযানত অভিযানকাৰী আৰক্ষীৰ দলটোৱে এ এছ ২৫ চি ৮০৮৭ নম্বৰৰ স্ক’ৰপিঅ’ বাহনখনৰ পৰা ৪৩ টা পেকেটত মুঠ ৯১ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । লগতে আৰক্ষীয়ে তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
ধৃত সৰবৰাহকাৰী কেইজন ক্ৰমে হোজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত পূৱ ধনীৰাম পথাৰ নিৱাসী আছাবউদ্দিন (৩২), আব্দুল ছাট্টাৰ (৩৮) আৰু মণিপুৰৰ ইম্ফল ৱেষ্ট জিলাৰ থাংমেইবেণ্ড য়ুনাম লেইকাইৰ নিৱাসী ভাৰত প্ৰসাদ চাহু (৫৪) বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷