ETV Bharat / state

বোকাজানত ২১ লাখ টকাৰ গাঞ্জাসহ দুজন আটক

author img

By

Published : May 18, 2020, 12:48 PM IST

বোকাজান খটখটীত AS 01HC 0068 নম্বৰৰ ট্ৰাকৰ পৰা প্ৰায় ২১ লাখতকৈ অধিক টকাৰ গাঞ্জা জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে অধিক তথ্য়ৰ বাবে জেৰা অব্যাহত আৰক্ষীৰ ৷

ETV BHARAT
বোকাজানত ২১ লাখ টকাৰ গাঞ্জা সহ দুজন আটক

ডিফু, 18 মেঃ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটীত আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰী । জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ২১ লাখতকৈ অধিক বুলি আৰক্ষীয় জানিবলৈ দিছে ।

বোকাজানত ২১ লাখ টকাৰ গাঞ্জা সহ দুজন আটক

সমগ্ৰ দেশতে লক ডাউন চলি থকাৰ সময়তে বোকাজানৰ খটখটী থানাৰ নিয়মীয়া তালাচীত উদ্ধাৰ ২১০ কেজি গাঞ্জা । ডিমাপুৰৰ পৰা আহি থকা অৱস্থাত আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত এখন AS 01HC 0068 নম্বৰৰ ট্ৰাকখনত তালাচী চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি । গাঞ্জাসহ আৰক্ষীয়ে আটক কৰিছে দুজন যুৱকক । যুৱক দুজন ক্ৰমে নলবাৰীৰ বিজু ৰাজবংশী আৰু মঙ্গলদৈৰ প্ৰাঞ্জল ডেকা । গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ২১ লাখতকৈ অধিক । আৰক্ষীয়ে ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক- বৰবাৰীত কোৱাৰেণ্টাইন শিবিৰ স্থাপনক লৈ ৰাইজৰ মাজত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.