ডিফু, 9 জুলাইঃ অসম-নগালেণ্ডৰ আন্তঃৰাজ্যিক সীমান্তৱৰ্তী বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাইত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা ৷ ডিলাই আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই ১৬ মাইলত এখন অ'টোৰ পৰা জব্দ কৰে প্ৰায় 64 কিলোগ্ৰাম গাঞ্জা ৷ NL-07 AF-7761 নম্বৰৰ অ'টো খনৰ পৰা আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰাৰ লগতে তিনি মহিলাসহ এজন পুৰুষক আটক কৰিবলৈয়ো সক্ষম হয় ৷
আৰক্ষীৰ লোকে জানিবলৈ দিয়া অনুসৰি, লোক কেইজন সেই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি লৈ ডিমাপুৰৰ পৰা লংকা অভিমুখে গৈ আছিল ৷ আটকাধীনলোক কেইজন ক্ৰমে গীতা দেৱী, অনিতা ৰায়, মুনমি মাহাতো আৰু ৰবীন্দ্ৰ দাস বুলি জানিব পৰা গৈছে ৷ জব্দীকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক হ'ব বুলি উল্লেখ কৰে আৰক্ষীয়ে ৷ ডিলাই আৰক্ষীয়ে সম্প্ৰতি ২১/২০২০ এক গোচৰ পঞ্জীয়ন কৰি আটকাধীন লোককেইজনক জেৰা অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে, বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি আৰু ডিলাই আৰক্ষীয়ে ৩৯ নং আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ বিভিন্ন সময়ত চলোৱা নিয়মীয়া তালাচীত মণিপুৰ, নাগালেণ্ডৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যলৈ যোৱা বহু যাত্ৰীবাহী বাছ, অ'টোকে আদি কৰি ভিন্ন বাহনৰ পৰা বহু কোটি টকাৰ গাঞ্জাৰ লগতে বিভিন্ন নিচাজাতীয় সামগ্ৰী ইতিমধ্যে জব্দ কৰিছে বুলি জনিবলৈ দিয়ে ৷ লগতে দীৰ্ঘদিন ধৰি সেই অঞ্চলসমূহত এনে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ চলি আহিছে বুলিও উল্লেখ কৰে আৰক্ষীয়ে ৷
লগতে পঢ়কঃ গেংষ্টাৰ বিকাশ ডুবেৰ আত্মীয়ক আৰক্ষীৰ জেৰা