ETV Bharat / state

মটৰ শ্ৰমিকক সামাজিক সুৰক্ষা আইনৰ বাহিৰত ৰখা সিদ্ধান্তক দূৰ্ভাগ্যজনক আখ্যা

author img

By

Published : Nov 24, 2020, 8:08 PM IST

মটৰ শ্ৰমিক সকলৰ ধৰ্মঘটলৈ কাৰ্বি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থাৰ পূৰ্ণ সমৰ্থন ৷ এক প্ৰেছ বিবৃতি যোগে সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল নুৰ আৰু সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে কয়, মটৰ শ্ৰমিক সকলক সামাজিক সুৰক্ষা আইনৰ আওতাৰ বাহিৰত ৰখাটো অতিকৈ দূৰ্ভাগ্যজনক বিষয় ৷

as_DIPHU_FULL_SUPPORT_TO_MOTOR_WORKERS_STRIKE_vis_AS10035
মটৰ শ্ৰমিকক সামাজিক সুৰক্ষা আইনৰ বাহিৰত ৰখাটো অতিকৈ দূৰ্ভাগ্যজনক:কৃষ্ণ ভট্টৰায়

ডিফু,24 নৱেম্বৰ : চি আই টি ইউ আৰু নিখিল ভাৰত কৃষক সমিতিয়ে ২৬ নৱেম্বৰত আহ্বান জনোৱা ভাৰত বন্ধ তথা ১২ ঘণ্টীয়া ধৰ্মঘটলৈ পূৰ্ণ সমৰ্থন আহ্বান জনাইছে কাৰ্বি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থাই ৷ এক প্ৰেছ বিবৃতি যোগে সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল নুৰ আৰু সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে কয় যে, মটৰ শ্ৰমিকে নিজৰ বহুমূলীয়া জীৱনকো তুচ্চ জ্ঞান কৰি দূৰ্গম অঞ্চলতো চৰকাৰী আৰু বেচৰকাৰী ভাবে নিঃস্বাৰ্থ সেৱা আগবঢ়াই আহিছে ৷ কিন্তু মটৰ শ্ৰমিক সকলক সামাজিক সুৰক্ষা আইনৰ আওতাৰ বাহিৰত ৰখাটো অতিকৈ দূৰ্ভাগ্যজনক বিষয় ৷

সেয়েহে, কাৰ্বি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থাই কয় যে, ট্ৰেড ইউনিয়নৰ ন্যায্য দাবী চৰকাৰে মানিব লাগিব ৷ বৃহস্পতিবাৰে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ আহ্বান জনোৱা ১২ ঘণ্টীয়া ধৰ্মঘটলৈ সন্থাই সমৰ্থন জনোৱাৰ লগতে জিলাখনৰ মটৰ শ্ৰমিক সকলক ধৰ্মঘট সৰ্বাত্মক আৰু শান্তি পূৰ্ণ ভাবে পালন কৰিবলৈ সভাপতি সম্পাদকদ্বয়ে আহ্বান জনাইছে ৷

লগতে পঢ়ক:ভোটাৰ তালিকাৰ বিসংগতিত ক্ষুব্ধ বিধায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.