ডিফু, ১2 জুন : পাহাৰীয়া জিলাৰ সদৰ ডিফুৰ পাণবাৰীত দৰিদ্ৰ লোকৰ মাজত ক'ভিড (Covid)ৰ সাহাৰ্য হিচাপে চাউল বিতৰণ কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ (Karbi Anglong Autonomus Council)ৰ ইএম (EM) সকলে ৷ উল্লেখ্য যে, ক'ভিড (Covid)ৰ ভয়াৱহতাৰ মাজতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ (Karbi Anglong Autonomous Council)ৰ ইএম (EM) সকলে নিজ নিজ সমষ্টিৰ দৰিদ্ৰ লোকৰ মাজত চাউল-দাইল আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ (Karbi Anglong Autonomous Council)ৰ ইএম (EM) প্ৰদীপ ডিফুচাৰ নেতৃত্বত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখিয়ে ডিফু পাণবাৰীৰ বিজেপিৰ বুথ পৰ্যায়ৰ সভানেত্ৰী মীৰা দেৱীৰ নেতৃত্বত পাণবাৰী পকী দলঙৰ সমীপৰ অঞ্চলত ক'ভিডৰ সাহাৰ্য হিচাপে চাউল বিতৰণ কৰা হয় ৷ এই ক্ষেত্ৰত পাণবাৰীৰ বিজেপিৰ বুথ পৰ্যায়ৰ সভানেত্ৰী মীৰা দেৱীয়ে এই সাহাৰ্যৰ ব্যৱস্থা কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ইএম প্ৰদীপ ডিফুচাক ধন্যবাদ জনায় ৷
লগতে পঢ়ক: ক'ভিডৰ ভয়াবহ পৰিৱেশত স্থবিৰ বিচাৰ প্ৰক্ৰিয়া