ETV Bharat / state

Flood in Karbi Anglong: নেদেখাজনৰ ওচৰত শৰণাপন্ন বান বিধ্বস্ত কাৰ্বি আংলংবাসী

author img

By

Published : Jun 16, 2022, 9:18 PM IST

পশ্চিম কাৰ্বি আংলং আৰু ডিমা-হাচাও জিলাত বছৰৰ দ্বিতীয়টো বানে চলাইছে তাণ্ডৱ লীলা (Flood in Assam 2022) ৷ জলমগ্ন হৈ পৰিছে অঞ্চলকেইটাৰ কেইবাখনো গাঁও ৷ বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠানসমূহ ৷ আনকি পানীৰ তলত ডুব গৈছে পশ্চিম কাৰ্বি আংলং-হোজাই সংযোগী ঘাইপথচোৱাও ৷ ফলত বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা ৷

Flood in Karbi Anglong
পশ্চিম কাৰ্বি আংলঙত বানে চলাইছে তাণ্ডৱ লীলা

ডিফু,১৬ জুন : বছৰৰ দ্বিতীয়টো বানত এতিয়া বিধস্ত ৰাজ্য (Flood in Assam 2022) ৷ উজনিৰ পৰা নামনিলৈ কেৱল পানী আৰু পানী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ বছৰৰ দ্বিত্বীয়টো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে পাহাৰীয়া জিলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা-হাচাও জিলাতো (Many places in Karbi Anglong and Dima Hasao have been submerged in flood)৷

বান আৰু ভূমিস্খলনে এক প্ৰকাৰে পাহাৰীয়া জিলাখনত চলাইছে এতিয়া তাণ্ডৱ ৷ ভীতিগ্ৰস্ত হৈছে অঞ্চলটোৰ জনজীৱন ৷ আনকি এই বানৰ ফলত বন্ধ হৈ পৰিছে জিলাখনৰ বহু সৰু-বৰ পথকে ধৰি ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথসমূহো ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱাৰ ভাগত অহা প্ৰবল বৰষুণজাকে পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ ঘাইপথটো বুৰাই পেলায় ৷

যাৰ ফলত পশ্চিম কাৰ্বি আংলং আৰু হোজাই মাজত যোগাযোগ সম্পূৰ্ণ ৰূপে বিচ্ছিন্ন হৈ পৰে ৷

তথ্য অনুসৰি, এই বানে সম্প্ৰতি বুৰাই পেলাইছে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ দাস গাঁও, শিলডুবি, বগৰিঘাট, খান্দাজান, দেৰামুখ, হাতীমাৰা, বিথুং চাপৰি, সাত গাঁও, ভেলাপাৰা, টুম্প্ৰেং, মুগাচং, তৰাডুবি, নাম তৰাডুবিকে আদিকে কৰি বিস্তৃত অঞ্চল ৷ ফলত শ শ হেক্টৰ কৃষি ভূমিত থকা নানা শস্য এতিয়া পানীৰ তলত ৷

লগতে পঢ়ক : Flood in Barpeta: সৰ্থেবাৰীত বানৰ তাণ্ডৱ অব্যাহত

কেৱল শস্য পথাৰে নহয়, ক্ষতি হৈছে বহু পশুধন ৷ লগতে পশ্চিম কাৰ্বি আংলঙৰ প্ৰায় সহস্যাধিক লোকৰ বাসগৃহ বৰ্তমান পানীৰ তলত ডুব যোৱাৰ উপক্ৰম ঘটিছে(Flood situation remains critical in Karbi Anglong) ৷ আনকি জিলা প্ৰশাসনৰ ফালৰ পৰাও বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠানসমূহ ৷

এক প্ৰকাৰে প্ৰকৃতিৰ অভিশাপহে যেন সহ্য কৰিছে কপিলীপুৰীয়া ৰাইজৰ লগতে পাহাৰীয়া জিলা ডিমা-হাচাওবাসীয়ে ৷ প্ৰায় এমাহ পূৰ্বে ডিমা হাছাওত সংঘটিত হোৱা প্ৰকৃতিৰ কাল ৰূপৰ তাণ্ডৱ মাৰ নৌযাওঁতেই আকৌ দ্বিতীয়টো প্ৰৱল বান-গৰাখনীয়াৰ কৱলত এই দুই পাৰ্বত্য অঞ্চল (Landslides at various places on Dima Hasao)৷ ফলত কোলাই-পাচিয়ে নধৰা হৈছে পাহাৰীয়া ঠাই দুখনৰ বাসিন্দাৰ ৷

সম্প্ৰতি ওখ স্থানত পশুধন আৰু মানুহ একেলগে সহবাস কৰিব লগা পৰিস্থিতি আহি পৰিছে ৷ ইপিনে, ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ খানদং জলবিদ্যুৎ প্ৰকল্পৰ আটাইকেইটা বান্ধৰ পানী এৰি দিয়া হৈছে (Releases excess water from Khandong Hydroelectric Project) ৷ ফলত কপিলী নৈ জলৰাশি বিপদ সীমাৰ ওপৰেৰে গতি কৰিছে ৷ এনে পৰিস্থিতিতিত উপায়ন্তৰ হৈ এতিয়া নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈছে অঞ্চলবাসী ৷

লগতে পঢ়ক : Flood in Hojai: কপিলী নৈৰ বাঢ়নী পানীত ডুব গৈছে বহু অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.