ETV Bharat / state

নাগালেণ্ড সীমান্তঞ্চলত ভদীয়া বানৰ সংহাৰী ৰূপ - পকী দলং

মুষলধাৰ বৰষুণত কাৰ্বি আংলং-নাগালেণ্ড সীমান্তঞ্চলত ভদীয়া বানৰ সংহাৰী ৰূপ ৷ মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ সোঁতত ভাঙি পৰে পকী দলং ৷ তাৰোপৰি বানপানীত ডুবি সলিল সমাধি 7 বছৰীয়া শিশুৰ ৷

কাৰ্বি আংলং
নাগালেণ্ড সীমান্তঞ্চলত ভদীয়া বানৰ সংহাৰী ৰূপ
author img

By

Published : Sep 1, 2020, 9:38 PM IST

ডিফু,১ ছেপ্তেম্বৰ: পাহাৰীয়া জিলা কাৰ্বি আংলঙত বানপানীৰ সংহাৰী ৰূপ । সোমবাৰে নিশা প্ৰায় ৯ বজাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা সীমান্তঞ্চলত নামি আহে পানীৰ ঢল ৷ নিমিষতে বুৰাই পেলায় ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সীমামূৰীয়া এলেকাৰ বিস্তৃৰ্ণ অঞ্চল ৷ ভদীয়া বানৰ কৱলত ভাঙি পৰে এখন পকী দলং । সোমবাৰে নিশা হোৱা মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ সোঁতৰ ফলতে ভাঙি পৰে পকী দলং খন ।

কাৰ্বি আংলং
নাগালেণ্ড সীমান্তঞ্চলত ভদীয়া বানৰ সংহাৰী ৰূপ

বোকাজানৰ খটখটীৰ চানদে বজাৰ, পুৰণা লাহৰিজানৰ বিভিন্ন অঞ্চলৰ লগতে ডিমাপুৰ সংযোগী পথৰ ওপৰত আছিল এইখন দলং । ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৫০ মিটাৰ নিলগত আছিল এইখন দলং । নাগালেণ্ডৰ পাহাৰত হোৱা প্ৰৱল বৰষুণৰ ফলত বৈ অহা পানীৰ সোঁতৰ ধাৰ সহিব নোৱাৰি ভাঙি পৰে দলং খন । যাৰ বাবে যাতায়তৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজৰ ৷ প্ৰায় ৫০০০ টা পৰিয়ালে এই দলঙখনেৰে সংযোগ কৰে বুলি জানিবলৈ দিয়ে ।

আনহাতে, এই সংহাৰী বানৰ কৱলত পৰিছে লাহৰিজান, বাছবাৰী, বালিজান, চানডে বজাৰ আৰু বিভিন্ন অঞ্চল ৷ বানৰ কৱলত পৰি বহুলোকে নিশা উজাগৰে কটোৱাৰ লগতে বহুতে আশ্ৰয় শিৱিৰৰ সন্ধান কৰি আছে ৷ ইয়াৰোপৰি মঙলবাৰে পুৱাৰ ভাগত বালিজান খান বস্তিৰ পৰা নিৰুদ্দেশ হৈ আছিল ৰাজু আলী নামৰ ব্যক্তি গৰাকীৰ ৭ বছৰীয়া পুত্ৰ ছাকিবুল হুছেইন ৷ কিন্তু সন্ধিয়া শিশুটোৰ মতদেহ উদ্ধাৰ কৰে স্থানীয় লোকে ৷ ইতিমধ্যে ঘটনাস্থলীত আমছু কাৰ্বি আংলং জিলা সমিতিৰ এক সঁজাতি দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱা বুলি জানিবলৈ দিয়ে স্থানীয় বাসিন্দাই ৷

লগতে পঢ়কঃ কালদিয়াৰ খহনীয়াই খেদিছে পশা কেতেকীবাৰী গাঁৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.