ETV Bharat / state

KAAC Election 2022: 26 টা সমষ্টিত 164 খন মনোনয়ন দাখিল ভিন্ন দলৰ প্ৰাৰ্থীৰ

author img

By

Published : May 23, 2022, 10:37 PM IST

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ সময় অন্ত পৰিল সোমবাৰে (Final date of nomination for the KAAC election) ৷ মুঠ 26 টা সমষ্টিত 164 খন মনোনয়ন দাখিল ভিন্ন দলৰ প্ৰাৰ্থীৰ ৷ 100 শতাংশ জয়ৰ আশা কৰিছে বিজেপিয়ে ৷

Final date of nomination for the KAAC election

ডিফু, ২৩ মে': অহা ৮ জুনত অনুষ্ঠিত হ'বলগীয়া কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিলৰ বাবে সোমবাৰে আছিল অন্তিম দিন (KKAC election nomination time over) । কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ তিনি ঠাইত ক্ৰমে ডিফু, বোকাজান আৰু হামৰেণত প্ৰাৰ্থীসকলে নিজৰ নিজৰ মনোনয়ন দাখিল কৰে । ইয়াৰে হামৰেণ নিৰ্বাচনী জিলাৰ পৰিষদীয় সমষ্টি কেইটা হৈছে দুৱাৰ আমলা, আমৰি, চিণ্ঠং, ছচেং, ৰংখাউ, বিথুং ৰেংথামা, কপিলী, হামৰেণ আৰু আমৰেং পৰিষদীয় সমষ্টি ।

ডিফু নিৰ্বাচনী জিলাত আছে হাওৰাঘাট, লাংফেৰ, ফুলনি, লাংহিন, কৰকাণ্ঠি, মহামায়া, নমাটি, লুম্বাজং, ধনশিৰি আৰু সিংহাসন পৰিষদীয় সমষ্টি ৷ একেদৰে বোকাজান নিৰ্বাচনী জিলাৰ অধীনত আছে ছচেংধেন্টা, বৰজান, সৰুপথাৰ, বোকাজান, দেউপানী, নিলীপ আৰু দুৱাৰ বাগৰি পৰিষদীয় সমষ্টি ৷ আটাইকেইটা সমষ্টিৰ নিৰ্বাচনৰ বাবে পৃথকে পৃথকে মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাৰ্থী সকলে ।

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

মনোনয়ন পত্ৰ দাখিলৰ সময়ত শাসক-বিৰোধী আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে দলীয় সমৰ্থক-কৰ্মীৰ সৈতে সমদল কৰি মনোনয়ন দাখিলৰ বাবে অহা পৰিলক্ষিত হয় (Candidates filed their nomination for KAAC election)।

এইবাৰ আম আদমী পাৰ্টীৰ প্ৰাৰ্থীসকলে প্ৰথমবাৰৰ বাবে দলীয় সমৰ্থকসকলক লৈ মনোনয়ন দাখিল কৰা দেখা যায় । ইয়াৰোপৰি বিজেপি আৰু কংগ্ৰেছৰ পৰা টিকট বঞ্চিত একাংশ প্ৰাৰ্থীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে । ইয়াৰে ডিফু নিৰ্বাচনী জিলাৰ ১০ খন পৰিষদীয় সমষ্টিৰ বাবে ৬৯ খন, হামৰেণ নিৰ্বাচনী জিলাৰ ৯ খন পৰিষদীয় সমষ্টিৰ বাবে ৫০ খন আৰু বোকাজান নিৰ্বাচনী জিলাৰ ৭ খন পৰিষদীয় সমষ্টিৰ বাবে মুঠ ৪৫ গৰাকী শাসক, বিৰোধী আৰু নিৰ্দলীয় দলে মনোনয়ন পত্ৰ দাখিল কৰে ৷

শাসকীয় দলৰ প্ৰাৰ্থী হৈ ডিফুত মনোনয়ন দাখিল পৰ্বত সংগ দিয়ে জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহন, বিধায়কদ্বয় বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাঙে । হামৰেণত মনোনয়ন দাখিল পৰ্বত বিজেপিৰ প্ৰাৰ্থী হৈ উপস্থিত থাকে সাংসদ হৰেণছিং বে', কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক ৰূপছিং টেৰণ ৷ একেদৰে বোকাজানত মনোনয়ন দাখিলৰ সময়ত বিজেপিৰ হৈ স্থানীয় বিধায়ক ডাঃ নোমল মমিন উপস্থিত থাকে ।

দলে বলে তুলিৰাম ৰংহাং

আনহাতে, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দলীয় সমৰ্থক-কৰ্মীৰ হৰ্ষোল্লাসৰ মাজত সম্পূৰ্ণ কাৰ্বি পৰম্পৰাগত সাজ-পাৰ পিন্ধি বিথুংৰেংথামা সমষ্টিৰ বাবে হামৰেণত মনোনয়ন পত্ৰ দাখিল কৰে । সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পীযুষ হাজৰিকা, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু মন্ত্ৰী যোগেন মহনে এইবাৰ কাৰ্বি পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে ২৬ টা পৰিষদীয় সমষ্টিৰ আটাই কেইখনতে বিজয় সাব্যস্ত কৰিব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত জয়ী হোৱাৰ দাবী মন্ত্ৰী যোগেন মহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.