ডিফু, ৮ ছেপ্তেম্বৰ : নতুন দিল্লীত কাৰ্বি শান্তি চুক্তিত স্বাক্ষৰকাৰী ছয় সশস্ত্ৰ সংগঠন ক্ৰমে কেএনএলএফ, ইউপিএলএ, পিডিচিকে আৰু কেপিএলটিৰ তিনিটা গোটৰ নেতৃবৰ্গক বুধবাৰে ডিফুত আনুষ্ঠানিকভাৱে জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আদৰণি ভাষণ প্ৰদান কৰে পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই ৷
সম্বৰ্ধনা গ্ৰহণ কৰা চুক্তি স্বাক্ষৰকাৰী সকলে প্ৰদান কৰা চমু ভাষণত সংগঠন সমূহৰ নেতৃবৰ্গই স্বাক্ষৰিত চুক্তিৰ জৰিয়তে জিলাখনত সুদূৰপ্ৰসাৰী উন্নয়ণৰ বাট প্ৰসস্থ হ'ব বুলি উল্লেখ কৰে ৷ সভাত প্ৰাক্তন সাংসদ বিৰেণ ছিং ইংতিৰ লগতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙো উপস্থিত থাকে ৷
সভাত অংশগ্ৰহণ কৰি কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ দিনৰে পৰা জিলাখনত উগ্ৰপন্থী সমস্যা সমাধান হৈছে ৷ লগতে কোনো সংঘাত নোহোৱাকৈ বিভিন্ন জাতি-জনগোষ্ঠীয়ে শান্তিৰে বসবাস কৰি আহিছে বুলি মন্তব্য প্ৰকাশ কৰে তুলিৰাম ৰংহাঙে ৷
উক্ত চুক্তিৰ জৰিয়তে কাৰ্বি আংলং জিলাই লাভ কৰা ১৬ খন কেন্দ্ৰীয় আঁচনি আৰু ২১ খন অসম চৰকাৰৰ নতুন আঁচনিৰ কথা বাখ্যা কৰে তুলিৰাম ৰংহাঙে ৷ তদুপৰি পৰিষদৰ ৩৪ খন আসন জনজাতীয় লোকৰ বাবে সংৰক্ষণ কৰি পোন প্ৰথমবাৰৰ বাবে এক ইতিহাস ৰচনা কৰা বুলি মুখ্যকাৰ্যবাহী সদস্য গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷
লগতে পঢ়ক: নিমাতীঘাটত মৰণমুখী মানুহৰ আৰ্তনাদ