ডিফু, ২৪ জুন: আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱসলৈ(International anti drugs day) মাত্ৰ দুদিন সময় বাকী থকা অৱস্থাত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লাভ কৰিছে আন এক বৃহৎ সফলতা ৷ এইবাৰ ড্ৰাগছ সৰবৰাহকাৰী ৰূপত আৰক্ষীৰ জালত পৰিছে মাৰাত্মক ড্ৰাগছ সৰবৰাহকাৰী পিতা-পুত্ৰ ৷
কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে অসম নাগালেণ্ড সীমান্তত পুনৰ জব্দ কৰিছে কোটি কোটি টকাৰ ড্ৰাগছ (Drugs seized at Assam Nagaland border)। খটখটী আৰক্ষীৰ(Khatkhati Police Station) জালত পৰা ড্ৰাগছ সৰবৰাহকাৰী বাপেক পুতেকদ্বয়ে অতি কৌশলেৰে অসম নাগালেণ্ড সীমান্তৰে বোকাজানত খোজকাঢ়ি প্ৰৱেশ কৰিছিল আৰু শাক-পাঁচলিৰে ভৰ্তি মোনাত আনিছিল ৭৯ টা মাৰাত্মক ড্ৰাগছভৰ্তি চাবোনৰ বাকচ ।
দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে হোজাইৰ মণিতন সিং আৰু মণিতন সিঙৰ পুত্ৰ ৰোহিত সিং । জব্দকৃত ড্ৰাগছখিনিৰ ওজন প্ৰায় ১ কেজি আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ৭কোটি টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়ক: ATM ত চুৰিকাণ্ড: লুটি নিলে ১৩ লক্ষাধিক টকা