ডিফু,3 অক্টোবৰ : বকলীয়াঘাট ইউনাইটেড কাৰ্বি ক্লাৱ প্ৰাংগণত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা ৷ পূৱ কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি হৰিমোহন জিডুঙে সাহিত্য সভাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে বন্তি প্ৰজ্বলন কৰে আদৰণি সভাৰ সভাপতি তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লাংফেৰ পৰিষদীয় সমষ্টিৰ সদস্য ৰামছিং তিমুঙে ৷
আনহাতে স্মৃতি তৰ্পণ কাৰ্যসূচীৰ আঁত ধৰে কাৰ্বি লাম্মেত আমেইৰ সাধাৰণ সম্পাদক কামছিং হাঞ্চেই ৷ কাৰ্যনিৰ্বাহক সভাখন আনুষ্ঠানিক ভাবে উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে ৷ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মূল কাৰ্যনিৰ্বাহক সভাখনত আদৰণি ভাষণ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷
মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ভাষণ প্ৰসংগত কাৰ্বি আংলং জিলাত সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত কৰিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ'ব বুলি মন্তব্য কৰে ৷
সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ক'ভিডৰ আতংকৰ পিছত অসম সাহিত্য সভাৰ এইখনেই পূৰ্ণাংগ সভা বুলি মন্তব্য কৰে ৷ লগতে সভাত অসম সাহিত্য সভাৰ কাম-কাজ আৰু ভৱিষ্যতৰ কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰাৰ লগতে অসম সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশন সন্দৰ্ভত আলোচনা কৰা হয় বুলি জনালে অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে ৷
লগতে পঢ়কঃ উপ-নিৰ্বাচনৰ বাবে দুটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা ইউপিপিএলৰ