ETV Bharat / state

Exam Warriors art competition: ডিফুত Exam Warriors শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতা

author img

By

Published : Jan 23, 2023, 9:29 PM IST

দেশজুৰি অনুষ্ঠিত চলি আছে প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চা শীৰ্ষক কাৰ্যসূচী । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ টা বিশেষ মন্ত্ৰ সম্বলিত ২০০ পৃষ্ঠা জোৰা এক পুথি লিখি উলিয়াইছে । Exam Warriors নামৰ পুথিখনৰ মন্ত্ৰৰ অংশ স্বৰূপে সোমবাৰে ডিফুত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা(Exam Warriors art compitition at Diphu) ।

Exam Warriors art compitition at Diphu
ডিফুত Exam Warriors শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত

ডিফু, ২৩ জানুৱাৰী: সোমবাৰে ডিফুস্থিত কাছা খেল পথাৰত বিজেপি, কাছা আৰু কে এ এফ এচিৰ যৌথ উদ্যোগত Exam Warriors শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ Exam Warriors নামৰ পুথিখনৰ মন্ত্ৰৰ অংশ স্বৰূপে সোমবাৰে আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় বুলি জানিবলৈ দিয়ে উদ্য়োক্তাসকলে (Exam Warriors art competition at Diphu) ৷

সাংসদ হৰেণ ছিং বে'ই এই সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত পৰা চাপৰ পৰা মুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 34 টা বিশেষ মন্ত্ৰ সম্বলিত ২০০ পৃষ্ঠা জোৰা এক পুথি লিখি উলিয়াইছে (Exam Warriors Booklet by PM Modi) ৷ সেই মন্ত্ৰ সমুহৰ অংশ হৈছে চিত্ৰাংকন প্ৰতিযোগিতা অন্যতম ৷ ছাত্ৰ-ছাত্ৰীসকলে যাতে পৰীক্ষাক পৰীক্ষা নুবুলি উৎসৱ হিচাপে পালন কৰে এয়াই হ'ল এনেবোৰ প্ৰতিযোগিতাৰ লক্ষ্য আৰু উদ্দেশ্য ৷

সেয়ে সোমবাৰে ডিফুত ছাত্ৰ-ছাত্ৰীৰ মাজত এই চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে বুলি সদৰী কৰে সাংসদ হৰেণ ছিং বে'ই ৷ এই প্ৰতিযোগিতাৰ বাবে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত সকলক পুৰষ্কৃত কৰা হ'ব বুলি কয় সাংসদ গৰাকীয়ে ৷ এই অনুষ্ঠানত প্ৰতিযোগিতাখনৰ সমন্বয়ক হিচাপে কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ড৹ পংকজ টেৰণ আৰু কাৰ্বি আংলং ফাইন আৰ্টছ আৰু ক্ৰাফ্ট এছচিয়েছনৰ সমন্বয়ক তথা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নবীন তেৰাং উপস্থিত থাকে ৷

আনহাতে এই চিত্ৰাংকন প্ৰতিযোগিতাৰ পিচত অহা 27 জানুৱাৰীত পৰীক্ষা পে চৰ্চা' শীৰ্ষক অনুষ্ঠানো অনুষ্ঠিত কৰা হ'ব বুলি সমন্বয়ক ড৹ পংকজ টেৰণে সংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, সমগ্র দেশজুৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2018 চনৰ পৰা আয়োজন কৰি অহা হৈছে ‘‘পৰীক্ষা সম্পৰ্কত চৰ্চা’’ শীর্ষক এক কার্যক্রম (Pariksha Pe Charcha 2023)।

ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ প্ৰাক্ক্ষণত সন্মুখীন হোৱা মানসিক চাপ কেনেদৰে দূৰ কৰিব পাৰি সেই সম্পর্কত দেশজুৰি বিশেষ পদক্ষেপ গ্রহণ কৰা হয় এই কাৰ্যক্ৰমৰ জৰিয়তে । ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নিৰ্দেশ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মর্মে 2023 চনতো সমগ্র দেশজুৰি এই কার্যক্রম অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Pariksha Pe Charcha in India) ।

লগতে পঢ়ক: Fake Military ID at Rangia : সেনাবাহিনীৰ ভুৱা পৰিচয় পত্ৰ দেখুৱাই ৰঙিয়া আৰক্ষীৰ জালত চাৰি যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.