ডিফু , 23 জুলাইঃ বুধবাৰে ডিফু চহৰৰ মাজমজিয়াৰ শান্তিপাৰাত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ ভুক্তভোগী সকলক বুধবাৰে সন্ধিয়া সাক্ষাৎ কৰে লুম্বাজং পৰিষদীয় সমষ্টিৰ স্থানীয় এম এচি তথা হস্ত তাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ ই এম ৰতন টেৰণে ৷ দলীয় কৰ্মীসকলৰ সৈতে ঘটনাস্থলী পৰ্যবেক্ষণ কৰি সংঘটিত ঘটনাৰ বাবে গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে ক্ষতিগ্ৰস্ত সকলক সাময়িক সকাহ স্বৰূপে চাউল,চানা,তিৰপাল,আঠুৱা আৰু কম্বল বিতৰণ কৰে ৰতন টেৰণে ৷ গুৰুত্বপূৰ্ণ যে ,অগ্নিকাণ্ডত হাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা এজন ব্যক্তিক আৰ্থিক সাহাৰ্য প্ৰদান কৰে প্ৰতিনিধি গৰাকীয়ে ৷
বৃহস্পতিবাৰে পুৱাৰ ভাগত আক্ৰান্ত সকলৰ বাবে জলপানৰ ব্যৱস্থাও কৰি দিয়ে কাৰ্যবাহী সদস্য ৰতন তেৰণে ৷ কাৰ্যবাহী বিষয়াগৰাকীৰ পৰিদৰ্শন কালত উপস্থিত থাকে ১ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ হাৰাধন ঘোষ,জিলা বিজেপিৰ আইটি চেলৰ আহ্বায়ক নীলমনি দেৱ,বিজেপিৰ লুম্বাজং মণ্ডল বিজেপিৰ সম্পাদক লংকি ৰংপি আৰু কেইবাগৰাকী বিজেপি কৰ্মী ৷ উল্লেখ্য যে,বুধবাৰে বিয়লি ডিফুৰ শান্তিপাৰাত সংঘটিত অগ্নিকাণ্ডটোত ৫০ টাৰো অধিক বাসগৃহ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবালাখ টকাৰ সম্পত্তি বিনষ্ট হৈছিল ৷
লগতে পঢ়কঃ হাতীৰ ওপৰত মানুহৰ অবৰ্ণনীয় অত্যাচাৰ, আৰক্ষীৰ কাষ চাপিল বাইকাৰ্ছ এছ'চিয়েচন