ডিফু, 12 নৱেম্বৰ : নিত্য ব্যৱহার্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ ঘটনাই সাধাৰণ জনতাক ভাৰাক্ৰান্ত কৰি তুলিছে ৷ এনে সময়তে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনসমূহে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰে অংশ হিচাপে আজি কাৰ্বি আংলং জিলাৰ ডকমকা চহৰত সম্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উছুকাৰ উদ্যোগত চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয় ।
দিনৰ প্ৰায় এঘাৰ বজাত ডকমকা চহৰত সংগঠনটোৰ ভালেসংখ্যক নেতা-কর্মীয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত সোচ্চাৰ হোৱাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰে । সংগঠনটোৰ সভাপতি আৰু সম্পাদক ক্ৰমে বিবিচণ টেৰণ আৰু জিন্টু হাজৰিকাৰ নেতৃত্বত ছাত্ৰ সংগঠনটোৰ কর্মীসকলে বিভিন্ন দাবীৰে পৰিৱেশ উত্তাল কৰি তুলে ৷
মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি গ' বেক, ছাত্ৰ ঐক্য জিন্দাবাদ, এই জুই জ্বলিছে জ্বলিবই, সৰ্বানন্দ সোণোৱাল গ' বেক, উছুকা জিন্দাবাদ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷
লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে হাগ্ৰামা মহিলাৰীয়ে