ডিফু, ৯ মে': শনিবাৰে অসম-নগালেণ্ড সীমান্তৱৰ্তী লাহৰিজানত জব্দ কৰা হয় বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী । লাহৰিজান আৰক্ষীয়ে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, খটখটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰক্ষ্ম আৰু উপ-পৰিদৰ্শক চৰণ মোহন চেতিয়াৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই । এই অভিযানকালত লাহৰিজান বাগানস্থিত এটা ঘৰৰ পৰা অভিযানকাৰী দলটোৱে ১৯ টা পেকেটত মুঠ ৩,৮০০ টা নিচাযুক্ত য়াবা টেবলেট (মেথামফেটামাইন) ৰ লগতে ১২ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় । এই হেৰ'ইনখিনি এটা চাবোনৰ বাকচত গোপনে ৰাখিছিল ।
নিচাযুক্ত সামগ্ৰীখিনিৰ লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুজন লোককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত লোকদুজন ক্ৰমে কৰিমগঞ্জ সদৰাচীৰ আবুল কালাম (৪৪) আৰু হোজাই জিলাৰ যোগীজানৰ ইমান আলি (২৮) বুলি চিনাক্ত কৰা হৈছে ।
লগতে পঢ়ক: বৰপেটাত অনিৰ্দিষ্ট কাললৈ সকলো হাট-বজাৰ বন্ধ ঘোষণা