ডিফু, ১৯ আগষ্ট: কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকা খটখটীত মঙলবাৰে এক অভিযান চলাই কাৰ্বি আংলং আৰক্ষীয়ে প্ৰায় তিনি লক্ষাধিক টকাৰ নিষিদ্ধ হেৰইন সহ এটা সৰবৰাহকাৰীক আটক কৰিছে ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি, মঙলবাৰে বিয়লি নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ এক খবৰ লাভ কৰি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু বৰপথাৰ চিআইৰ সহযোগত এক অভিযান চলােৱা হয় ৷
অভিযানকালত অভিযানকাৰী দলটোৱে খটখটী থানা এলেকাৰ পৰা এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে ৮ টাকৈ চাবোনৰ বাকচত কঢ়িয়াই অনা ৮৮ গ্ৰাম নিষিদ্ধ হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ প্ৰাথমিক পৰীক্ষাত জব্দ কৰা ড্ৰাগছ খিনি হেৰইন বুলি নিশ্চিত কৰা হৈছে আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ৩ লাখ ২০ হাজাৰ টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷ ধৃত সৰবৰাহকাৰীটো নগাঁও জিলাৰ কচুৱা থানা এলেকাৰ কচুৱা ৰাজ আলিৰ জলিল আলী বুলি চিনাক্ত কৰা হৈছে ৷ ধৃত সৰবৰাহকাৰীটোৱে নিষিদ্ধ হিৰইন খিনি খটখটী থানা এলেকাৰ বালিজানৰ আনোৱাৰ হুছেইনৰ পৰা অনা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে ৷
উল্লেখ্য যে, বিগত কেইবাদিন ধৰি বোকাজান আৰু খটখটী আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা ধাৰাবাহিক অভিযানত কেইবাটাও উল্লেখযোগ্য সফলতা লাভ কৰিছে ৷
লগতে পঢ়ক : চীন-ভাৰতৰ সম্পৰ্কৰ উদ্বেগ বৃদ্ধিৰ মাজতে বাংলাদেশ ভ্ৰমণ ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সচিব হৰ্ষ বৰ্ধন শ্ৰিংগলা