ডিফু,১০ মাৰ্চ: কাৰ্বি আংলঙৰ বোকাজানত ড্ৰাগছ সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে অবৈধ ড্ৰাগছৰ ক'লা বেহা । বুধবাৰে বোকাজানৰ ডিলাই থানাৰ অন্তৰ্গত পুৰণি লাহৰিজান সীমান্ত আৰক্ষী ছাউনীৰ বিশেষ তালাচীত জব্দ হ'ল ১০ লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ ।
ডিমাপুৰৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়ত AS 01 AK 5996 নম্বৰৰ এখন বাহনত আৰক্ষীয়ে তালাচী চলাই ড্ৰাগছখিনি জব্দ কৰে । সৰবৰাহকাৰীয়ে বাহনখনৰ ছাউণ্ড বক্সৰ ভিতৰত লুকুৱাই আনিছিল ড্ৰাগছখিনি ।
তালাচীৰ সময়ত প্রায় ১৭৯ গ্ৰাম ড্ৰাগছ আৰক্ষীয়ে জব্দ কৰে । আৰক্ষীয়ে ড্ৰাগছখিনিৰ সৈতে দুটা সৰবৰাহকাৰীকো আটক কৰে । ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে গুৱাহাটীৰ মিল্টন চক্ৰৱৰ্তী আৰু ত্ৰিপুৰাৰ সুশীল দাস ।
উল্লেখ্য যে, ড্ৰাগছ সৰবৰাহ ৰোধ কৰিবলৈ বোকাজান আৰক্ষী বিগত কিছুদিন ধৰি অধিক তৎপৰ হৈ পৰিছে । কিন্তু ড্ৰাগছ সৰবৰাহকাৰীয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰি আহিছে । এতিয়ালৈকে জিলাখনত বহুকেইটা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: নলবাৰীত বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ মনোনয়ন দাখিল