ETV Bharat / state

নিৰ্বাচনী হিংসাত উত্তপ্ত চামগুৰি; ৰকিবুল হুছেইনক গ্ৰেপ্তাৰৰ দাবী ভৱেশ কলিতাৰ - SAMAGURI BYE ELECTION 2024

চামগুৰি সমষ্টিৰ নিৰ্বাচনী হিংসাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ভৱেশ কলিতাৰ । ৰকিবুল হুছেইনক উভতি ধৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।

Samaguri Bye Election 2024
ৰকিবুল হুছেইনক গ্ৰেপ্তাৰৰ দাবী ভৱেশ কলিতাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2024, 6:47 PM IST

বাইহাটা: উপ-নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছে । নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৫ টাকৈ সমষ্টিত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৰাজনৈতিক দলসমূহে । ইফালে উপ-নিৰ্বাচন চমু চাপি অহাৰ লগে লগে চামগুৰি সমষ্টিত নিৰ্বাচনকেন্দ্ৰিক হিংসাও বৃদ্ধি পাইছে । সমষ্টিটোত বিজেপি আৰু কংগ্ৰেছৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে । শনিবাৰে নিশা বিজেপিৰ বিধায়ক জিতু গোস্বামীৰ বাহনক লক্ষ্য কৰি দুৰ্বৃত্তই গুলীচালনা কৰে । যাক লৈ ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

"ৰকিবুলক গ্ৰেপ্তাৰ কৰিব লাগে"

এই ঘটনাক লৈ বিজেপি নেতাসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো ৰকিবুল হুছেইনক লক্ষ্য কৰি তীব্ৰ কটাক্ষ কৰে । ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱেশ কলিতাই কয়, "ৰকিবুল হুছেইনক গ্ৰেপ্তাৰ কৰিব লাগে । বৰাক ভেলীত গুলী-বাৰুদৰ দুই এটা ঘটনা ঘটে । কিন্তু ব্ৰহ্মপুত্ৰ ভেলীত আমি প্ৰথমবাৰৰ বাবে এনে ঘটনা দেখিবলৈ পালো । ইয়াৰ মেইন 'নায়ক' হ'ল ৰকিবুল হুছেইন ডাঙৰীয়া । মই নিৰ্বাচন আয়োগ আৰু প্ৰশাসনক আহ্বান জনাম বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে ।" ইফালে বিষয়টো সন্দৰ্ভত ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰাৰ কথাও উল্লেখ কৰে ভৱেশ কলিতাই ।

ৰকিবুল হুছেইনক গ্ৰেপ্তাৰৰ দাবী ভৱেশ কলিতাৰ (ETV Bharat)

ৰকিবুল হুছেইনৰ নেতৃত্বত কলিয়াবৰত হিংসা !

ভৱেশ কলিতাই কয়, "অসমৰ ক'তো হিংসা নাথাকিলেও চামগুৰিত হৈ থাকে । তাৰ পুনৰাবৃত্তি এইবাৰ আমি চামগুৰিত দেখা পাইছো । ধুবুৰীৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে প্ৰতিটো নিৰ্বাচনতে হিংসাত্মক ঘটনাত তেওঁ নিজে জড়িত হৈ পৰে । তাৰ জলন্ত উদাহৰণ উপ-নিৰ্বাচনত দেখিবলৈ পাইছো । পুত্ৰ তাঞ্জিল হুছেইনক নিৰ্বাচিত কৰাৰ নিমিত্তে তেওঁ যিদৰে হিংসাত্মক কাৰ্যত জড়িত হৈ পৰিছে ই গণতন্ত্ৰৰ বাবে সুস্থ বাতাবৰণ নহয় । মই ধিক্কাৰ দিছো ।"

বিধায়ক জিতু গোস্বামীক আক্ৰমণৰ ঘটনা সন্দৰ্ভত ভৱেশ কলিতাই কয়, "মই ভাবো ৰকিবুল হুছেইনক গ্ৰেপ্তাৰ কৰিব লাগে । প্ৰতিটো নিৰ্বাচনতে তেওঁ ভয়-ভাবুকি দিয়ে । কিন্তু এইবাৰ তেওঁ বলীয়া কুকুৰৰ দৰে হৈ পৰিছে ।" ভৱেশ কলিতাৰ মতে ৰকিবুল হুছেইনে পুত্ৰ তাঞ্জিল হুছেইনৰ পৰাজয়ৰ উমান পাইয়ে এই ধৰণৰ আচৰণ কৰিছে ।

লগতে পঢ়ক :প্ৰকৃততে কোনে চলাইছিল গুলী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.