ETV Bharat / sports

দ্বিতীয় টি-20 ৰ পূৰ্বে বৃদ্ধি ভাৰতৰ চিন্তা; গাকেবৰহাত সহজ নহ’ব আফ্ৰিকাক পৰাস্ত কৰা - IND VS SA T20 SERIES

IND vs SA 2nd T20I: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টি 20 মেচৰ পূৰ্বে চিন্তিত ভাৰত ৷ পিছে ইয়াৰ আঁৰৰ কাৰণ কি, জানেনে ?

IND VS SA T20 SERIES
ভাৰত বনাম দক্ষিণ আফ্ৰিকা (AP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 10, 2024, 7:39 PM IST

স্প’ৰ্টছ ডেস্ক: 4 খন মেচৰ টি-20 শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণত ব্যস্ত আছে টীম ইণ্ডিয়া । শুকুৰবাৰে প্ৰথমখন মেচত ভাৰতে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই আয়োজক দলৰ বিৰুদ্ধে জয়লাভ কৰে ।

এই জয়েৰে ভাৰতে শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰে । গাকেবৰহাৰ ছেইণ্ট জৰ্জ পাৰ্কত দেওবাৰে দ্বিতীয়খন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিব ভাৰতে ৷ অৱশ্যে এই মেচত জয় লাভ কৰাটো ভাৰতৰ পক্ষে হ’ব তীব্ৰ প্ৰত্যাহ্বানমূলক ৷

প্ৰথমখন টি-20 ত 61 ৰাণত পৰাস্ত দক্ষিণ আফ্ৰিকা

ডাৰবানৰ কিংছমিড ক্ৰিকেট গ্ৰাউণ্ডত খেলা প্ৰথমখন খেলত টীম ইণ্ডিয়াই বলিং আৰু বেটিং দুয়োটা ক্ষেত্ৰতে সুন্দৰ প্ৰদৰ্শন কৰে । খেলখনত সঞ্জু চেমছনে শতক অৰ্জন কৰাৰ বিপৰীতে বৰুণ চক্ৰৱৰ্তী আৰু ৰবি বিষ্ণৈয়ে বলিঙত উন্নত প্ৰদৰ্শন দাঙি ধৰে ।

এই প্ৰদৰ্শনৰ আধাৰত টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-20 মেচত 61 ৰাণত জয়লাভ কৰে ।

ভাৰতৰ দ্বাৰা নিৰ্ধাৰিত 203 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ঘৰুৱা দলটোৱে 17.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 141 ৰাণ ৷ বৰুণ চক্ৰৱৰ্তী আৰু বিষ্ণৈয়ে দখল কৰে 3 টাকৈ উইকেট ৷

একে সময়তে, আবেশ খানে দুজনকৈ বেটছমেনক পেভিলিয়নলৈ পঠিয়ায় ৷ আনহাতে, অৰ্শদীপে এটা উইকেট দখল কৰে । ডাৰবানত এয়া টীম ইণ্ডিয়াৰ একেৰাহে পঞ্চমটো জয় ৷ লগতে চলিত বছৰত টি 20 ক্ৰিকেটত দলটোৰ ধাৰাবাহিক 11 নং জয় ৷

দ্বিতীয় টি-20 ত সহজ নহ’ব আফ্ৰিকাক পৰাস্ত কৰা

ভাৰতে এই বছৰ মুঠ 23 খন টি-20 খেলি মাত্ৰ এখনতহে পৰাস্ত হৈছিল ৷ ভাৰতে বিগত 6 জুলাইত জিম্বাব’ৱেৰ বিৰুদ্ধে এখন টি-20 মেচত পৰাজিত হৈছিল । পৰৱৰ্তী মেচবোৰত দলটোৱে ধাৰাবাহিকভাৱে জয় লাভ কৰে ৷ অৱশ্যে দেওবাৰৰ খেলৰ পূৰ্বে বৃদ্ধি পাইছে মেন ইন ব্লুৰ উত্তেজনা ৷

গাকেবৰহাত দক্ষিণ আফ্ৰিকাৰ স্ক’ৰ

ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টি-20 মেচ অনুষ্ঠিত হ’ব ছেইণ্ট জৰ্জ পাৰ্ক, গাকেবৰহাত । এই খেলপথাৰত ঘৰুৱা দলটোৰ প্ৰদৰ্শন তেনেই সন্তোষজনক ৷ যোৱা 17 বছৰত দক্ষিণ আফ্ৰিকাই এই খেলপথাৰত এখনো টি-20 মেচত পৰাজিত হোৱা নাই ৷ দলটোৱে শেষবাৰৰ বাবে 2007 চনত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাজিত হৈছিল ।

বৃহৎ স্ক’ৰ কৰাৰ পিছতো পৰাস্ত ভাৰত

যোৱা বছৰৰ 12 ডিচেম্বৰত গাকেবৰহাত অনুষ্ঠিত খেলখনত টীম ইণ্ডিয়াই 180 ৰাণ সংগ্ৰহ কৰিছিল । এয়া এতিয়ালৈকে এই খেলপথাৰত সৰ্ববৃহৎ টি-20 স্ক'ৰ । ভাৰতে 180 ৰাণ সংগ্ৰহ কৰাৰ পিছতো পৰাজিত হৈছিল খেলখনত ৷ দক্ষিণ আফ্ৰিকাই ডাকৱৰ্থ-লুইছ পদ্ধতিৰ দ্বাৰা জিকিছিল মেচখন । দক্ষিণ আফ্ৰিকাই এই খেলপথাৰত বৰ্তমানলৈকে মুঠ 4 খন খেল খেলিছে আৰু বিগত 3 খন মেচত জয়লাভ কৰিছে ।

গাকেবৰহা ষ্টেডিয়ামৰ পৰিসংখ্যা

এতিয়ালৈকে গাকেবৰহাত মুঠ 9 খন টি-20 মেচ অনুষ্ঠিত হৈছে ৷ য’ত প্ৰথমে বেটিং কৰা দলটোৱে 4 বাৰ জিকিছে আৰু প্ৰতিপক্ষ দলে 5 বাৰকৈ জয় লাভ কৰিছে ৷ অৱশ্যে প্ৰথমে বেটিং কৰা দলটোৱে প্ৰতিপক্ষক 170 ৰাণৰ লক্ষ্য বান্ধি দিলে এই ৰাণ সংগ্ৰহ কৰাতো সহজ নহ'ব । সেয়ে আজিৰ খেলখনৰ টছ অতিকৈ গুৰুত্বপূৰ্ণ ।

ভাৰত বনাম দক্ষিণ আফ্ৰিকা দ্বিতীয় টি-20 বিনামূলীয়া লাইভ ষ্ট্ৰীমিং

ভাৰত বনাম দক্ষিণ আফ্ৰিকা দ্বিতীয় টি-20 খেলখন ভাৰতীয় সময় মতে সন্ধিয়া 7.30 বজাত আৰম্ভ হ'ব । আপুনি স্প’ৰ্টছ18 আৰু ডি ডি স্প’ৰ্টছত এই খেলখনৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰিবলৈ পাৰিব ৷ একে সময়তে, জিঅ' চিনেমা এপত মেচখনৰ অনলাইন লাইভ ষ্ট্ৰীমিং কৰা হ'ব ।

লগতে পঢ়ক: 22 বছৰৰ মূৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল পাকিস্তানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.