ডিফু, ২৩ জুলাই: ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। বিভিন্ন জিলাত আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে ড্ৰাগছ জব্দ কৰাৰ লগতে এই ব্যৱসায়ত জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰিছে । অৱশ্যে ইয়াৰ পাছতো দুষ্টচক্ৰই বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি ৰাজ্যত মাৰাত্মক ড্ৰাগছৰ বেহা অব্যাহত ৰাখিছে । যাৰ বাবে অসম আৰক্ষী পুনৰ এই ক্ষেত্ৰত কঠোৰ হৈছে (Anti Drugs mission) ।
ইয়াৰ মাজতে কাৰ্বি আংলঙত পুনৰ আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছ ৷ শনিবাৰে সন্ধিয়া এক গোপন খবৰৰ ভিত্তিত বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপেন বৰুৱাৰ নেতৃত্বত উপ-পৰিদৰ্শক বিপ্লৱ দাসসহ চিআৰপিএফৰ এটা দল আৰু বৰপথাৰ থানাৰ সহযোগত বৰপথাৰ থানা এলেকাৰ খাকৰাজানত এখন বাছত এক বিশেষ নাকা তালাচী অভিযান চলায় ৷
নাকা তালাচীত বাছখনৰ পৰা ২০ টা চাবোনৰ বাকচত সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে (Heroin seized at Barpathar) ৷ জব্দকৃত হেৰ'ইনখিনিৰ পৰিমাণ ২৭৫'৮১ গ্ৰাম বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ লগতে সন্তোষ থাপা নামৰ এজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে (Drugs peddler arrested at Barpathar) ৷ উদ্ধাৰ হোৱা হে’ৰইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় তিনি কোটি টকা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: Youth attack with sharp weapon: চুবুৰীয়াৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত জাকিৰ হুছেইন