ETV Bharat / state

ডিফুত নিচাযুক্ত টেবলেটসহ এজনক গ্ৰেপ্তাৰ

author img

By

Published : Jun 12, 2021, 6:52 PM IST

ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিফু মাটিপুং পথৰ আৰব'ৰেটাম আৰু ক্ৰাফট চেণ্টাৰৰ সন্মুখৰ এটা ভাড়াঘৰত তালাচী চলাই ২৯ টা সন্দেহযুক্ত নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । ধৃত লোকজন সন্তোষ সিঙ বুলি জানিব পৰা গৈছে ৷

drugs peddler
ডিফুত নিচাযুক্ত টেবলেটসহ এজন গ্ৰেপ্তাৰ

ডিফু, ১২ জুন: কৰ'ণা(corona) পৰিস্থিতিৰ মাজতো ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ(Assam Police) অভিযান ৷ পাহাৰীয়া জিলা কেইখনতো প্ৰতিদিনে আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান । বিশেষকৈ অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে সফলতা লাভ কৰাৰ পিছত কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷

drugs peddler
ডিফুত নিচাযুক্ত টেবলেটসহ এজন গ্ৰেপ্তাৰ

প্ৰাপ্ত খবৰ অনুসৰি, ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিফু মাটিপুং পথৰ আৰব'ৰেটাম আৰু ক্ৰাফট চেণ্টাৰৰ(Arboretum Cum Craft Centre) সন্মুখৰ এটা ভাড়াঘৰত তালাচী চলাই ২৯ টা সন্দেহযুক্ত নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । ধৃত লোকজন সন্তোষ সিঙ বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ(Karbi Anglong Autonomous Council) উদ্যোগত নিৰ্মাণ হোৱা আৰব'ৰেটাম আৰু ক্ৰাফট চেণ্টাৰত বহু নৱ প্ৰজন্মই নিতৌ অৱসৰ বিনোদনৰ বাবে আহে । তাৰ সমীপতে এনেদৰে ড্ৰাগছসহ এজন আটক হোৱাৰ লগে লগে এতিয়া সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

লগতে পঢ়ক:বান্দৰদেৱাত SBIৰ গ্ৰাহক সেৱা কেন্দ্ৰত চুৰিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.