ডিফু, ৪ জুন: বৃহস্পতিবাৰে বোকাজান আৰক্ষীৰ জালত পৰিল এজন ড্ৰাগছ ব্যৱসায়ী । জানিব পৰা মতে, বোকাজান আৰক্ষীৰ এটা দলে বোকাজানৰ চিৰা মিলৰ সমীপৰ দুমুখীয়াৰ নিৱাসী বাবলু আহমেদৰ ঘৰত অভিযান চলায় ।
উক্ত অভিযানত অভিযানকাৰী দলটোৱে বাবলু আহমেদৰ ঘৰত চাবোনৰ বাকচত লুকুৱাই ৰখা প্ৰায় ১২ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় । ইয়াৰ পাচতে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী বাবলু আহমেদক গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি আৰক্ষীয়ে বোকাজান থানাত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে ।
বিগত দিনবোৰতো বোকাজান আৰক্ষীয়ে বহুকেইটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল । সীমান্তৰ আন ৰাজ্যৰ পৰা যাতে কাৰ্বি আংলং তথা সমগ্ৰ অসমলৈ ড্ৰাগছ সৰবৰাহ কৰিব নোৱাৰে তাৰ বাবে সময়ে সময়ে অভিযান চলাই আহিছে আৰক্ষীয়ে ।