ডিফু, ১৫ অক্টোবৰ: ৰাজ্যত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Anti Drugs mission in Assam)৷ কিন্তু আৰক্ষী যিমানেই অপৰাধীক আটক কৰিছে, সিমানেই ন ন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই নিষিদ্ধ ড্ৰাগছ ৷ পিছে অসম আৰক্ষীয়েও ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান (Assam police against drugs) ৷
শেহতীয়াকৈ কাৰ্বি আংলং আৰক্ষীৰ জালত পৰে হেৰʼইনসহ এটা সৰবৰাহকাৰী (Drugs seized in Karbi Anglong) ৷ উল্লেখ্য যে, কাৰ্বি আংলং জিলা আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে বহু দিনৰে পৰাই কঠোৰ অভিযান অব্যাহত ৰাখিছিল ৷ কিন্তু সৰবৰাহকাৰীয়েও এই ক্ষেত্ৰত নিত্য নতুন কৌশলেৰে কঢ়িয়াই আহিছিল এই নিষিদ্ধ ড্ৰাগছ ৷
আজি আৰক্ষীৰ চকুত ধূলি দিয়াৰ উদ্দেশ্যে ব্যক্তিগত বাহনৰ ভিতৰত গোপন চেম্বাৰ সাজি মাৰাত্মক ড্ৰাগছৰ সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়তে আজি জিলাখনৰ ডিলাইত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইনসহ এখন বাহন জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Drug Dealer arrested in Karbi Anglong)।
প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আজি পুৱাৰ ভাগত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা খটখটী আৰু ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, লাহৰীজান টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত চি আৰ পি এফ আৰু আৰক্ষীৰ এটা দলে ডিলাই থানাৰ অন্তৰ্গত ডিলাই তিনিআলিত তালাচী অভিযান চলায় ।
আজি দিনৰ প্ৰায় ১০-১৫ বজাত ডিমাপুৰৰ দিশৰ পৰা আহি থকা এএছ-০৪-ই-০৭৮১ নম্বৰৰ এল্টʼ বাহনত আৰক্ষীয়ে চলাই এই তালাচী অভিযান ৷ তালাচী অভিযানত আৰক্ষীয়ে জব্দ ৩০ টা চাবোনৰ বাকচত লুকুৱাই অনা ৩৮৪.৫৬ গ্ৰাম হেৰʼইন । জব্দকৃত হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য প্ৰায় দুই কোটি টকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ।
উল্লেখযোগ্য যে, আৰক্ষীৰ চকুত ধূলি দিয়াৰ উদ্দেশ্যে সৰবৰাহকাৰীয়ে বাহনৰ পিছৰ আসনৰ পিছফালে গোপন চেম্বাৰ সাজি ড্ৰাগছখিনি সৰবৰাহ কৰি আনিছিল । ইফালে ড্ৰাগছখিনি সৰবৰাহ কৰি অনা বাহনখনৰ চালকক আটকক কৰিছে । ধৃত সৰবৰাহকাৰীটো মণিপুৰৰ মেলুৰী নগৰৰ নিউ থিৱাটি গাঁৱৰ এচেমং থুপিটৰ (৩৩) বুলি জানিব পৰা গৈছে । ধৃত সৰবৰাহকাৰীটো ডিমাপুৰৰ ছিগনেল কলনিত বাস কৰা বুলি জানিব পৰা গৈছে ।