ETV Bharat / state

Draft Voter List released: ডিফু আৰু হাওৰাঘাট সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ

author img

By

Published : Nov 9, 2022, 10:47 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ডিফু আৰু হাওৰাঘাট বিধান সভা সমষ্টিৰ বাবে মঙলবাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে খচৰা ভোটাৰ তালিকা(Draft voter list released in Diphu) । মঙলবাৰে ডিফুস্থিত উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মিলন কক্ষত এক সংবাদমেলৰ আয়োজন কৰি উপায়ুক্ত মধুমিতা ভাগৱতীয়ে প্ৰকাশ কৰে ফটোযুক্ত খচৰা ভোটাৰ তালিকা ।

draft voter list released in diphu
ডিফু হাওৰাঘাট সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ

ডিফু,৯ নৱেম্বৰ: ডিফু আৰু হাওৰাঘাট বিধান সভা সমষ্টিৰ বাবে মঙলবাৰে আনুষ্ঠানিকভাৱে সংহত ফটোযুক্ত খচৰা ভোটাৰ তালিকা ২০২৩ প্ৰকাশ কৰা হয়(Draft voter list released in Diphu) । এই উপলক্ষে মঙলবাৰে ডিফুস্থিত উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মিলন কক্ষত এক সংবাদমেলৰ আয়োজন কৰি উপায়ুক্ত মধুমিতা ভাগৱতীয়ে ১ জানুৱাৰী ২০২৩ ক ভিত্তি হিচাপে লৈ প্ৰকাশ কৰে ফটোযুক্ত খচৰা ভোটাৰ তালিকা(Draft Voter List released) ।

৯ নবেম্বৰ ২০২২ৰ পৰা ৮ ডিচেম্বৰ ২০২২ লৈকে ভোটাৰ সকলৰ ওজৰ-আপত্তি সমূহ গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে । লগতে তেঁও কয় যে ২৬ ডিচেম্বৰত ভোটাৰ সকলৰ ওজৰ আপত্তি সমূহ নিষ্পত্তি কৰা হ'ব । ইয়াৰ পিছত ৫ জানুৱাৰী ২০২৩ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হব ।

তথ্য অনুসৰি হাওৰাঘাট সমষ্টিৰ ১৬৭ ত ভোট কেন্দ্ৰত পুৰুষ ভোটাৰ ৬৭,১৩৭ গৰাকী, মহিলা ভোটাৰ ৬৮,৭৫০ গৰাকী ,তৃতীয় লিংগৰ এজন ভোটাৰ । সমষ্টিত মুঠ ভোটাৰ ১,৩৫,৮৮৮ গৰাকী । সমষ্টিটোৰ ৯৬ গৰাকী ভোটাৰ হ্ৰাস পাইছে । ইফালে, ১৯ নং ডিফু জনজাতি বিধান সভা সমষ্টিৰ ২৫৮ টা ভোট কেন্দ্ৰত পুৰুষ ভোটাৰ ১,০২,৮৯৮ গৰাকী, মহিলা ভোটাৰ ১,০২,৮৭৯ গৰাকী, তৃতীয় লিংগৰ ভোটাৰ ৯ গৰাকী । সমষ্টিটোত মুঠ ভোটাৰ ২,০৫,৭৮৬ গৰাকী ।

ডিফু আৰু হাওৰাঘাট সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ

সমষ্টিটোত ভোটাৰৰ বৃদ্ধি হৈছে ২,৬৫৫ গৰাকী । আনহাতে দুয়োটা সমষ্টিত মুঠ ৪২৫ ভোট কেন্দ্ৰত মুঠ পুৰুষ ভোটাৰ ১,৭০,০৩৫ গৰাকী, মহিলা ভোটাৰ ১,৭১,৬৭৪ গৰাকী , তৃতীয় লিংগৰ ভোটাৰ আছে ১০ গৰাকী । দুয়োটা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৩,৪১,৬৭৪ গৰাকী । দুয়োখন সমষ্টিত ভোটাৰ বৃদ্ধি হৈছে মুঠ ২৫৫৯ গৰাকী । বৃদ্ধিৰ হৰ ১.২১ শতাংশ ।

ইয়াৰোপৰি ভোটাৰ সকলে ভোটাৰ যিকোনো আবেদনৰ বাবে www.nvsp.in, ভোটাৰ help line mobile app আৰু ভোটাৰ portal ব্যবহাৰ কৰিব পাৰিব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে । এই সংবাদমেলত জিলা উপায়ুক্ত মধুমিতা ভাগৱতীকে ধৰি নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙ্গীয়া, সহকাৰী উপায়ুক্ত গুঞ্জন শৰ্মাও উপস্থিত থাকে ।

লগতে পঢ়ক: AATSA Protest : কিশোৰীৰ হত্যাকাৰীক শাস্তিৰ দাবীত দুলীয়াজানত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.