ETV Bharat / state

ডিফু-হাওৰাঘাট বিধানসভা সমষ্টিৰ সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ - name correction in Voter list

প্ৰকাশ পালে কাৰ্বি আংলং জিলাৰ ডিফু আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ সংহত খচৰা ভোটাৰ তালিকা । ৩০ নৱেম্বৰৰ‌ ভিতৰত ওজৰ-আপত্তি দাখিল কৰিব পাৰিব ৰাইজে । ২০২২ চনৰ ৫ জানুৱাৰীত ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হʼব ।

Draft photo electoral roll published for Diphu, Howraghat
ডিফু আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ
author img

By

Published : Nov 2, 2021, 1:12 PM IST

ডিফু, ২ নৱেম্বৰ : ৰাজ্যত প্ৰকাশ কৰা হৈছে সংহত খচৰা ভোটাৰ তালিকা ৷ কাৰ্বি আংলং জিলাৰ ডিফু আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ পাইছে । সোমবাৰে বিয়লি জিলাখনৰ উপায়ুক্ত চন্দ্ৰধ্বজ সিঙে ডিফুস্থিত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদমেল সম্বোধন কৰি এই বিষয়ে অৱগত কৰে । তেওঁ লগতে জনায় যে, ৩০ নৱেম্বৰৰ‌ ভিতৰত ৰাইজে ওজৰ-আপত্তি দাখিল কৰিব পাৰিব ।

আনহাতে, ২০ ডিচেম্বৰত নিষ্পত্তি কৰিব লাগিব সকলো দাবী । এই প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাচত ২০২২ চনৰ ৫ জানুৱাৰীত ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হʼব বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে । ২০২১ চনৰ ১৮ জানুৱাৰীৰ পৰা এতিয়ালৈকে দুয়োটা সমষ্টিত ৩,২৮,৭০৮ গৰাকীৰ পৰা ভোটাৰৰ সংখ্যা ৩,৩৭,৬৬৮ গৰাকীলৈ বৃদ্ধি হৈছে । ভোটাৰৰ সংখ্যা বৃদ্ধিৰ হাৰ হৈছে ২.৭৩ শতাংশ ।

সোমবাৰৰ সংবাদমেলত কাৰ্বি আংলঙৰ জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাৰ লগতে জিলা নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙীয়া আৰু সহকাৰী নিৰ্বাচনী বিষয়া গুঞ্জন শৰ্মা উপস্থিত থাকে ৷ নিৰ্ধাৰিত সময়চোৱাত ভোটাৰ তালিকাত ভোটাৰৰ নাম পঞ্জীয়ন, সংশোধন, স্থানান্তৰকৰণ আদি কামবোৰৰ বাবে আবেদন দাখিল কৰিব লাগিব । সেই অনুসৰি সংশ্লিষ্ট বিষয়াই দাবী নিষ্পত্তিৰ বাবে কাম কৰিব ।

লগতে পঢ়ক: থাওৰা সমষ্টিত ব্যাপক ৰিগিঙৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.