ডিফু, ২৪ এপ্ৰিল: চৰকাৰী চাকৰি লাভ কৰা একাংশ সাংবাদিকক সাংবাদিক বীমাৰ সুবিধা প্ৰদান নকৰিবলৈ কাৰ্বি আংলঙ স্বায়ত্তশাসিত পৰিষদক আহ্বান জনাইছে কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱ চমুকৈ ডিপিচিকেএ ৷ এই সন্দৰ্ভত ডিপিচিকেএৰ এটা দলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷
স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুসৰি, একাংশ সাংবাদিকে চৰকাৰী চাকৰি বা চৰকাৰে প্ৰদান কৰা অনান্য সুবিধা সমূহ ভোগ কৰি আছে ৷ সেয়ে সাংবাদিক বীমা সুবিধা প্ৰদান কৰাৰ আগতে সাংবাদিক সকলক ডিপিচিকেৰ দ্বাৰা পৰীক্ষা কৰোৱাব লাগিব বুলি দাবী জনায় ৷
তদুপৰি কাৰ্বি আংলঙত স্থায়ীভাৱে বসবাস কৰা সাংবাদিক সকলকহে এই সুবিধা প্ৰদান কৰিবলৈ মুখ্য কাৰ্যবাহী সদস্য গৰাকীক ডিপিচিকেএই দাবী জনায় ৷ ডিপিচিকেএৰ সভাপতি আৰু সাধাৰণ সম্পাদক দিগন্ত টেৰণ আৰু ডেনিয়েলচন বে'ই এক বিবৃতি যোগে এই কথা সংবাদ মাধ্যমক আগত সদৰি কৰে ৷
লগতে পঢ়ক : ONGC ৰ অপহৰণ কাণ্ডৰ লগত জড়িত বিপ্লৱজ্যোতি মহন !