ডিফু, 15 জুলাই : পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ'ণাৰ গণ সংক্ৰমণ ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কেইবাজনো ইএম, এমএচি, মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পত্নী-পুত্ৰ লগতে কেইবাজনো কৃষি বিষয়া কৰ'ণাত আক্ৰান্ত হোৱাৰ লগতে কৃষি বিভাগৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক ৰামছিঙ হাঞ্চেৰ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছত জিলাখনত এক আতংকময় পৰিবেশ সৃষ্টি হৈছিল ৷
ইয়াৰ মাজতে ডিফু আদালত চৌহদত থকা কেণ্টিনৰ মালিকৰ লগতে যোৱা কালি লংচ'দৰ কাথাৰ নামৰ চিকিৎসক এজন কৰ'ণাত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছিল ৷ আজি পুনৰ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ হাবে টেৰণৰ লগতে আন 4 গৰাকী স্বাস্থ্যকৰ্মীৰ দেহত কোভিড-19 পজিটিভ পোৱা গৈছে ৷ কৰ'ণাত আক্ৰান্ত কেইজন হ'ল ক্ৰমে বুলেন ভৰালী, প্ৰদীক কুমাৰ সিং, লিচা ৰংপিপী আৰু ইন্দ্ৰলীন পাটৰ ৷
লগতে পঢ়কঃ গুৰুতৰভাৱে অসুস্থ কন্ঠশিল্পী অৰ্চনা মহন্ত