ডিফু,২৮ এপ্ৰিল: দেশজুৰি কৰ'ণাৰ দ্বিতীয় ঢৌৰ ভয়ংকৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ডিফু ন্যায়িক আদালত চৌহদত আয়োজন কৰা হয় ক'ভিড-১৯ ৰ টীকাকৰণ শিবিৰ ৷ সম্পূৰ্ণ ক'ভিড-১৯ ৰ নীতি-নিৰ্দেশনা অনুসৰি, অনুষ্ঠিত হয় টীকাকৰণ শিবিৰ ৷
![টীকাকৰণ শিবিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu28042021dlsaorganisevaccinationcamp_28042021101646_2804f_1619585206_812.jpg)
উক্ত শিবিৰত ন্যায়িক বিষয়া, ন্যায়িক কৰ্মচাৰী, অধিবক্তাৰ লগতে তেওঁলোকৰ আত্মীয়-স্বজন আৰু স্থানীয় লোকসকলেও টীকাকৰণ কাৰ্যসূচীত উপস্থিত থাকে ৷ শিবিৰৰ উদ্বোধনী বন্তি প্ৰজ্বলন কৰে অতিৰিক্ত সত্ৰ ন্যায়াধীশ কল্যাণ শইকীয়াই ৷
![বন্তি প্ৰজ্বলন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu28042021dlsaorganisevaccinationcamp_28042021101646_2804f_1619585206_833.jpg)
ন্যায়াধীশ এম এইছ আনচাৰী, মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণিতা মৰাং, ডিএলএছএৰ সচিব নাগিব আহমেদে উক্ত শিবিৰত উপস্থিত থাকে ৷ টীকাকৰণ শিবিৰত উপস্থিত থকা সকলোকে উদ্যোক্তাসকলে পানী, অ'আৰএছ আদি বিতৰণ কৰে ৷ ডিএলএছৰ এনে প্ৰচেষ্টাক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে ৷
![ডিফু ন্যায়িক আদালত চৌহদত ক'ভিড-১৯ টীকাকৰণ শিবিৰ সম্পন্ন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu28042021dlsaorganisevaccinationcamp_28042021101646_2804f_1619585206_236.jpg)
লগতে পঢ়ক: মৰিগাঁৱত শৌচাগাৰৰ পৰা আটক গৰু চোৰ