ETV Bharat / state

Appointment letters distribution in Diphu : প্ৰাথমিক বিদ্যালয়ৰ ১৩৩ গৰাকী শিক্ষকলৈ নিযুক্তি পত্ৰ প্ৰদান - বিদ্যালয়ৰ ১৩৩ গৰাকী শিক্ষকলৈ নিযুক্তি পত্ৰ প্ৰদান

ডিফুত প্ৰাথমিক বিদ্যালয়ৰ ১৩৩ শিক্ষকক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান (Distribution of appointment letters to teachers) ৷ অনুষ্ঠানত উপস্থিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং (KAAC CEM Tuliram Ronghang) ৷

ormal appointment letters to teachers in Diphu
১৩৩ গৰাকী শিক্ষকলৈ নিযুক্তি পত্ৰ প্ৰদান
author img

By

Published : Mar 3, 2023, 11:18 AM IST

১৩৩ গৰাকী শিক্ষকলৈ নিযুক্তি পত্ৰ প্ৰদান

ডিফু, 3 মাৰ্চ : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাথমিক শিক্ষা বিভাগৰ অধীনত বৃহস্পতিবাৰে ১৩৩ গৰাকী প্ৰাথমিক শিক্ষকক স্থায়ী শিক্ষকৰূপে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হয় (Distribution of appointment letters to teachers) ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নতুন সচিবালয়ত অনুষ্ঠিত এক অনুষ্ঠানত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত শিক্ষকসকললৈ প্ৰদান কৰা হয় এই নিযুক্তি পত্ৰ ৷ অনুষ্ঠানত তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে সাংসদ হৰেণছিং বে' সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে (CEM of KAAC) ৷

সভাত পাৰ্বত্য জিলাখনৰ তিনি গৰাকী বিধায়ক পৰিষদৰ সকলো কাৰ্যবাহী সদস্য আৰু এমএচি সকলৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু সামাজিক সংগঠনৰ নেতা-কৰ্মীসকল উপস্থিত থাকে ৷ পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবীয়ে আদৰণি ভাষণ প্ৰদান কৰি তুলিৰাম ৰংহাঙৰ নেতৃত্বত পৰিষদৰ শিক্ষা বিভাগে গ্ৰহণ কৰা ই এক বৃহৎ পদক্ষেপ বুলি আখ্যা দিয়ে (KAAC CEM Tuliram Ronghang) ৷ নিযুক্তি পতে্ৰ লাভ কৰা শিক্ষকসকলক নিষ্ঠা সহকাৰে কাম কৰি যাবলৈ টকবীয়ে আহ্বান জনায় ৷

সভাত ভাষণ প্ৰদান কৰি সাংসদ হৰেণছিং বে'য়ে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৱল নেতৃত্বৰ বাবে এয়া সম্ভৱ হোৱা বুলি উল্লেখ কৰি নিযুক্তি প্ৰাপ্ত শিক্ষকসকলক শিক্ষকতাক এটা পৱিত্ৰ বৃত্তিৰূপে গ্ৰহণ কৰি কাম কৰি যাবলৈ আহ্বান জনায় (Distribution of teachers appointment letters in Diphu) ৷

মুখ্য অতিথিৰ ভাষণত তুলিৰাম ৰংহাঙে নতুনকৈ নিযুক্তিপ্ৰাপ্ত ১৩৩ গৰাকী শিক্ষকক অভিনন্দন জনায় ৷ তেওঁ কয় যে ৰাজ্য চৰকাৰৰ সৈতে আলোচনা মৰ্মে আৰু পৰ্যায়ক্ৰমে সকলোকে স্থায়ী শিক্ষকৰূপে নিযুক্তি প্ৰদান কৰা হ’ব ৷ শিক্ষকসকলৰ দৰমহাৰ সমস্যা সমাধান হোৱাৰ লগতে শিক্ষকসকলৰ সকলো অভাৱ -অভিযোগ শুনা হ’ব বুলিও আশ্বাস প্ৰদান কৰে ৷ একেটা অনুষ্ঠানতে বাণিজ্য আৰু বিজ্ঞান শাখাৰ পৰীক্ষাত জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলে আশাপ্ৰদ ফলাফল লাভ কৰাৰ বিপৰীতে মেট্ৰিক পৰীক্ষাত অন্তিম স্থানত থকাৰ বাবে ক্ষোভ প্ৰকাশ কৰে তুলিৰাম ৰংহাঙে ৷ বিগত সময়ছোৱাত কাৰ্বি আংলঙৰ ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মেডিকেলত উত্তীৰ্ণ হোৱা বুলি উল্লেখ কৰাৰ লগতে ইউপিএছচি আৰু এপিএছচি পৰীক্ষাৰ বাবে পাহাৰীয়া জিলাখনত বিনামূলীয়া কোচিঙৰো ব্যৱস্থা কৰা হৈছে বুলি কয় ৰংহাঙে ৷

লগতে পঢ়ক : Allocation of PMAY houses: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত যোৰহাটত ব্যাপক দুৰ্নীতি !

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.