ETV Bharat / state

সুদীৰ্ঘ ১৭ বছৰ পাছত ন্যায় লাভ কৰিলে ধৰ্ষিতা নাবালিকাই - Diphu Sessions court verdict on rape case

সুদীৰ্ঘ 17 বছৰৰ পাছত ন্যায় লাভ কৰিলে এগৰাকী ধৰ্ষিতাই ৷ ২০০৫ চনৰ ২৯ অক্টোবৰত হাওৰাঘাট থানা এলেকাত সংঘটিত নাবালিকা ধৰ্ষণৰ গোচৰৰ বায় প্ৰদান কৰিলে ডিফুস্থিত সহকাৰী সত্ৰ ন্যায়াধীশৰ আদালতে ৷ ধৰ্ষণকাৰীক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে আদালতে (Diphu Sessions court verdict on rape case) ৷

Verdict of Diphu Session Court
সুদীৰ্ঘ ১৭ বছৰ পাছত ন্যায় লাভ কৰিলে ধৰ্ষিতাই
author img

By

Published : Apr 19, 2022, 6:37 PM IST

ডিফু, ১৯ এপ্ৰিল : সোমবাৰে কাৰ্বি আংলং জিলাৰ ডিফুস্থিত সহকাৰী সত্ৰ ন্যায়াধীশৰ আদালতে নাবালিকা ধৰ্ষণৰ এক গোচৰৰ ঐতিহাসিক ৰায় প্ৰদান কৰে (Verdict of Howraghat rape case)৷ ডিফু জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতৰ অতিৰিক্ত লোক অধিবক্তা সঞ্জয় কুমাৰ যাদৱে সাংবাদিকৰ আগত উক্ত ৰায়দানৰ কথা সদৰি কৰে ৷

লোক অধিবক্তা গৰাকীয়ে দিয়া বিৱৰণি অনুসৰি ২০০৫ চনৰ ২৯ অক্টোবৰত হাওৰাঘাট থানা এলেকাত এগৰাকী নাবালিকা ছাত্ৰীয়ে বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা পথত সঞ্জয় দাস নামৰ এজন লোকে নাবালিকাগৰাকীক অসৎ কাৰ্যৰ প্ৰয়াস কৰে (Minior rape in Karbi Anglong) ৷ নাবালিকাগৰাকীয়ে আত্মৰক্ষাৰ চেষ্টা কৰে যদিও সঞ্জয় দাসে নাবালিকাগৰাকীৰ মূৰত আঘাত কৰি অজ্ঞান কৰে ৷

কিছু সময়ৰ পাছত হিতাহিত জ্ঞান ঘূৰি অহাত ছাত্ৰীগৰাকীয়ে ধৰ্ষিতা হোৱাৰ কথা গম পায় ৷ পৰৱৰ্তী সময়ত নাবালিকাগৰাকীয়ে আত্মীয়ৰ ঘৰলৈ গৈ ঘটনা সন্দৰ্ভত বিৱৰি কয় ৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত হাওৰাঘাট থানাত ১৩৯/২০০৫ নম্বৰত এক গোচৰ ৰুজু হয় ৷ ইয়াৰ পিছত জিআৰ ৪৯৯/২০০৫ আৰু ছেচন ক’ৰ্টত ৪/২০০৭ নম্বৰৰ গোচৰৰ ভিত্তিত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় ৷

সুদীৰ্ঘ ১৭ বছৰ পাছত ন্যায় লাভ কৰিলে ধৰ্ষিতাই

যাৱতীয় নথি-পত্ৰ আৰু সাক্ষীৰ শুনানিৰ পিছত সুদীৰ্ঘ ১৭ বছৰৰ পাছত 18 এপ্ৰিল অৰ্থাৎ সোমবাৰে ডিফুৰ সহকাৰী সত্ৰ ন্যায়াধীশ মিছবাহুল হাছান আনচাৰীৰ আদালতে সঞ্জয় দাসৰ বিৰুদ্ধে ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰৰ আদেশ দিয়াৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহে ৷ জৰিমনা অনাদায় কৰিলে অতিৰিক্ত দুমাহৰ কাৰাদণ্ড হ’ব বুলিও ৰায়দান কৰে আদালতে ৷ উক্ত গোচৰত চৰকাৰী অধিবক্তা হিচাপে থাকে অতিৰিক্ত লোক অধিবক্তা সঞ্জয় কুমাৰ যাদৱ আৰু প্ৰতিপক্ষৰ অধিবক্তা হিচাপে থাকে উত্তম পাল ৷

লগতে পঢ়ক: নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.