ডিফু,18 নৱেম্বৰঃ ৰাজ্যত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যই জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক ৷ কিন্তু ইয়াৰ পিছতো মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চূড়ান্তৰূপে ব্যৰ্থ হৈছে শাসকীয় চৰকাৰখন ৷ ইয়াৰ প্ৰতিবাদতে বুধবাৰে ডিফুত প্ৰতিবাদ সাব্যস্ত কৰে কাৰ্বি আংলং জিলাৰ অন্যতম ছাত্ৰ সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদে ৷ ডিফু চহৰৰ মাজমজিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকাও দাহ কৰে সংগঠনটোৰ সদস্যসকলে ৷
ইয়াৰ উপৰিও কাৰ্বি আংলং জিলাৰ প্ৰায় এঘাৰটা উন্নয়ন খণ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত দুৰ্নীতিৰো উচিত তদন্তৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ আজি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সচিবালয়ত উপস্থিত হৈ গ্ৰামোন্নয়ন বিভাগৰ কার্যবাহী সদস্য মাধুৰ্য ঢেকীয়াল ফুকনক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰও প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে ৷