ETV Bharat / state

মাঞ্জা আৰক্ষীৰ তৎপৰতা চুৰি বলেৰ' বাহন উদ্ধাৰ - ডিফু-মাঞ্জা পথ

চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ ডিফুপাৰ থানা এলেকাৰ অন্তর্গত এগৰাকী ব্যবসায়ীৰ বলেৰ' গাড়ীখন মঙলবাৰে বিয়লি ডিফু-মাঞ্জা পথৰ পৰা দুর্বৃত্তই চুৰ কৰি নিয়ে ৷ অৱশ্যে মাঞ্জা থানাৰ আৰক্ষীৰ এটা দলে অতি তৎপৰতাৰে অভিযান চলাই মাঞ্জা থানা এলেকাৰ অন্তর্গত ৰংপ্লিমপ্লামৰ পৰা চুৰি হােৱা বলেৰ' খন জব্দ কৰিবলৈ সক্ষম হয়।

Diphu police recover stolen car by nagaland
মাঞ্জা আৰক্ষীৰ তৎপৰতা চুৰি বলেৰ' বাহন উদ্ধাৰ
author img

By

Published : Oct 21, 2020, 9:38 PM IST

ডিফু,২১ অক্টোবৰঃ কার্বি আংলং জিলাৰ ডিফু-মাঞ্জা পথৰ পৰা মঙলবাৰে বিয়লি চুৰি হােৱা এখন বলেৰ' মাঞ্জা আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ ডিফুপাৰ থানা এলেকাৰ অন্তর্গত এগৰাকী ব্যবসায়ীৰ বলেৰ' গাড়ীখন মঙলবাৰে বিয়লি ডিফু-মাঞ্জা পথৰ পৰা দুর্বৃত্তই চুৰ কৰি নিয়ে।

ইপিনে ঘটনা সন্দর্ভত বাহনখনৰ স্বত্বাধিকাৰীয়ে লগে লগে মাঞ্জা থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে তৎপৰতাৰে অভিযান চলাই মাঞ্জা থানা এলেকাৰ অন্তর্গত ৰংপ্লিমপ্লামৰ পৰা চুৰি হােৱা বলেৰ' খন জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে, অভিযানৰ সময়ত ঘটনাস্থলীত আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে গাড়ীচোৰ।

লগতে পঢ়কঃ তিনি দশকৰ অন্তত মুকলি হ’ব এখন ওলমা দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.