ETV Bharat / state

ডিফুত জিলা আইন সেৱা প্ৰাধিকৰণৰ লোক আদালতত 38 টা গোচৰ নিস্পত্তি

শনিবাৰে ডিফুৰ ন্যায়িক আদালতত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত কৰা হয় লোক আদালত ৷ এই লোক আদালতত সৰ্বমুঠ 38 টা গোচৰ নিস্পত্তি কৰা হয় ৷

DIPHU_LOK_ADALAT_IMG_AS10035
ডিফুত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত লোক আদালত
author img

By

Published : Dec 12, 2020, 7:52 PM IST

ডিফু,12 ডিচেম্বৰ : শনিবাৰে সমগ্ৰ দেশৰ লগত ডিফুৰ ন্যায়িক আদালততো জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত কৰা হয় লোক আদালত ৷ অপৰাধমূলক, দেৱানী, পথ দুৰ্ঘটনা জনিত গোচৰৰ উপৰিও এপিডিচিএল, BSNL, SBI, অসম গ্ৰামীণ বিকাশ বেঙ্ক আৰু চেণ্ট্ৰেল বেঙ্ক অৱ ইণ্ডিয়াৰ গোচৰ সমূহ শনিবাৰৰ এই লোক আদালততে নিস্পত্তি কৰা হয় ৷ শনিবাৰৰ লোক আদালতত সৰ্বমুঠ ৩৮ টা গোচৰ নিস্পত্তি কৰা হয় বুলি জনিবলৈ দিয়ে ডিএলএছএৰ সচিব নাগিব আহমেদে ৷

DIPHU_LOK_ADALAT_IMG_AS10035
ডিফুত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত লোক আদালত

জিলা আৰু সত্ৰ ন্যায়াধীশ আব্দুল হাকিম আৰু ডিএলএছৰ সচিব নাগিব আহমেদে এই লোক আদালতত অংশ গ্ৰহণ কৰা বিভিন্ন বিত্তীয় খণ্ডৰ প্ৰতিনিধি আৰু এপিডিচিএলৰ প্ৰতিনিধি সকলক সাক্ষাৎ কৰে ৷ ইয়াৰ উপৰিও সাধাৰণ ৰাইজৰ স্বাৰ্থত পূৰ্বৰ মোকৰ্দমা সমূহ নিষ্পত্তি কৰাৰ বাবে উৎসাহ যোগায় দুয়োগৰাকী ন্যায়াধীশে ৷ আনহাতে, অংশ গ্ৰহণকাৰী সকলেও জিলা ন্যায়িক আদালতৰ এনে কাৰ্যক প্ৰশংসা কৰে ৷ উল্লেখ্য যে, লোক আদালত আৰম্ভ হোৱাৰ পূৰ্বে কৰ্তৃপক্ষই সম্পূৰ্ণ ক'ভিড প্ৰট'কল অনুসৰি অংশ গ্ৰহণকাৰীক ছেনিটাইজেশ্যনৰ ব্যৱস্থা কৰে ৷

লগতে পঢ়ক-বিটিচি নিৰ্বাচনৰ চাৰি খন জিলাৰ ফলাফলৰ শেহতীয়া অগ্ৰগতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.