ETV Bharat / state

ডিফুৰ কয়লাজানত পথ দুৰ্ঘটনাঃআহত 3

author img

By

Published : Feb 29, 2020, 3:29 AM IST

ডিফুৰ কয়লাজানত শুকুৰবাৰে বিয়লি সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন লোক গুৰুতৰভাৱে আহত হয় । হাৰ্ডৱেৰৰ সামগ্ৰী কঢ়িয়াই নিয়া ৪০৭ ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা শিলত খুন্দা মাৰি বাগৰি পৰে ৷ আহতসকলক মাঞ্জা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় ৷

Diphu kayalajaan road accident karbi anglong assam etv bharat news
পথ দুৰ্ঘটনা

ডিফু,28 ফেব্ৰুৱাৰীঃ ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত কয়লাজানত শুকুৰবাৰে বিয়লি সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন লোক গুৰুতৰভাৱে আহত হয় । ঘটনাৰ বিৱৰণী অনুসৰি,বিয়লি প্ৰায় 2.30 বজাত এ এছ ০৯ এ চি ৩৩৫৩ নম্বৰৰ হাৰ্ডৱেৰৰ সামগ্ৰী কঢ়িয়াই নিয়া ৪০৭ ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা শিলত খুন্দা মাৰি পথতে বাগৰি পৰে ৷ ফলত ট্ৰাকখনৰ চালককে ধৰি তিনিজন লোক গুৰুতৰভাৱে আহত হয় ।

তীব্ৰ বেগৰ বাবে পথ দুৰ্ঘটনা সংঘটিত

স্থানীয় লোকৰ তৎপৰতাত আহতসকলক মাঞ্জা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় ৷ কিন্তু ব্যক্তিকেইজনৰ আঘাত গুৰুতৰ হোৱাৰ বাবে সংকটজনক অৱস্থাত ডিফু চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাটোত আহত লোককেইজন জীতেন্দ্ৰ সিং,তিলি বৰদলৈ,মিৰচন হাঞ্চে বুলি জানিব পৰা গৈছে ৷

লগতে চাওকঃ তেজপুৰত উৎকোচ গ্ৰহণৰ সময়ত কৰায়ত্ত অভিযন্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.