ETV Bharat / state

Dengue cases rise in Diphu : ডিফুত ডেংগুৰ ভয়াৱহ সংক্ৰমণ; আক্ৰান্ত 2041, মৃত্যু 4 গৰাকীৰ

author img

By

Published : Aug 19, 2023, 9:19 AM IST

Updated : Aug 19, 2023, 10:16 AM IST

ডিফুত ডেংগু ৰোগে গ্ৰহণ কৰিছে ভয়াৱহ ৰূপ ৷ বৰ্তমানলৈকে ডেংগুত মৃত্যু ঘটাৰ সংখ্যা 4 জনলৈ বৃদ্ধি পাইছে ৷ আক্ৰান্তৰ সংখ্যা 2041 গৰাকী বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ৷

Diphu Joint Director of Health Press conference on DENGUE
ডিফুত ডেংগু ৰোগে গ্ৰহণ কৰিছে ভয়াৱহ ৰূপ
ডিফুত ডেংগু ৰোগে গ্ৰহণ কৰিছে ভয়াৱহ ৰূপ

ডিফু, 19 আগষ্ট: ডিফুত ডেংগুৰ সংহাৰ ৷ কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত এতিয়া ডেংগুৱে ভয়ংকৰ ৰূপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ ডেংগুৰ আতংকই জিলা স্বাস্থ্য বিভাগৰ লগতে সাধাৰণ জনতাকো উদ্বিগ্ন কৰি তুলিছে ৷ স্বাস্থ্য বিভাগৰ জৰিয়তে বিভিন্ন ধৰণৰ সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো হ্ৰাস হোৱা নাই সংক্ৰমণ ৷

শুকুৰবাৰৰ সন্ধিয়া জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক বৰচিং ৰংপিয়ে ডিফুত সংবাদমেল পাতি ডেংগুৰ সংক্ৰমণ অনিয়ন্ত্ৰিত হৈ পৰিছে বুলি জনায় ৷ সংবাদমেলত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক বৰচিং ৰংপিয়ে কয় যে, বৰ্তমানলৈকে ডেংগুত মৃত্যু ঘটিছে 4 জন লোকৰ ৷ আক্ৰান্তৰ সংখ্যা 2041 গৰাকীলৈ বৃদ্ধি হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ৷ সকলো সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিও ডেংগু প্ৰতিৰোধত সফল হোৱা নাই ডিফুৰ স্বাস্থ্য বিভাগ ৷

অৱশেষত ডেংগু প্ৰতিৰোধৰ বাবে ডিফু মিউনিচিপালটি ব’ৰ্ডৰ পৰামৰ্শ অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা স্বাস্থ্য বিভাগে ৷ এতিয়াৰে পৰা ডেংগুৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ল’ব লগা সাৱধানতা গ্ৰহণ নকৰিলে ভৰিব লাগিব জৰিমনা ৷ আদেশ অমান্য কৰা লোকে 500 ৰ পৰা 5000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব বুলি কয় ৷ সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক বৰছিং ৰংপি আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সচিব ৰাজেশ্বন তেৰাঙে ৷

সংবাদ মেলত ডাঃ বৰছিং ৰংপিয়ে সদৰি কৰা অনুসৰি কাৰ্বি আংলঙত বিগত বৰ্ষৰ তুলনাত এইবাৰ ডেংগুত আক্ৰান্তৰ হাৰ সৰ্বাধিক ৷ এই সন্দৰ্ভত উদ্বেগজনক তথ্য প্ৰকাশ কৰি ডেংগু প্ৰতিৰোধৰ বাবে ৰাইজৰ সহযোগিতা বিচাৰে যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে ৷

লগতে পঢ়ক: Fire incident in Haflong: নিজ ঘৰতেই অগ্নিদগ্ধ হৈ মৃত্যু এজনৰ

Last Updated : Aug 19, 2023, 10:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.