ডিফু, ১৭ ফেব্ৰুৱাৰী: ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ তাৰালাংছৰ বাকৰিত এইবাৰ এক ব্যতিক্ৰমী কাৰ্যসূচী হিচাপে কাৰ্বি আংলং জিলাৰ ডিফু কাৰাগাৰত বন্দীত্বৰ জীৱন যাপন কৰা কয়দী সকলৰ দ্বাৰা হস্তনিৰ্মিত কেতবোৰ বাঁহ-বেতৰ সামগ্ৰী প্ৰদৰ্শন কৰা হয়৷ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ স্থায়ী প্ৰদৰ্শনী গৃহত ডিফু কাৰাগাৰৰ কাৰাবন্দী সকলে নিজ হাতেৰে নিখুত,মসৃণ আৰু সুন্দৰভাবে সাজি উলিওৱা বাঁহ -বেতৰ সামগ্ৰী সমূহে দৃষ্টি আকৰ্ষণ কৰে সকলোৰে ৷
![DIPHU JAIL PROSONER'S HANDYCRAFT SHOW IN KARBI YUTH FESTIVAL ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6101606_diphu.jpg)
জানিব পৰা মতে অলপতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সহযোগত ডিফু কাৰাগাৰত জিলা আইন সেৱা প্ৰাধিকৰণে আয়োজন কৰা আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰই প্ৰদান কৰা এক বিস্তৃত প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে কাৰাবন্দী সকলক হস্তশিল্পৰ দক্ষতামূলক প্ৰশিক্ষণ প্ৰদান কৰি কয়দী সকলৰ নিজ হাতেৰেই বিভিন্ন সামগ্ৰী সাজি উলিওৱাৰ কাম সম্পন্ন কৰা হয়৷ জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সঞ্চালক ৰাজেন লাংগাছুৱে জনোৱা অনুসৰি 'মেক ইন ইণ্ডিয়া' আৰু অসম চৰকাৰ 'বেম্ব মিছন'ৰ আঁত ধৰি জিলা উদ্যোগ আৰু বাণিজ্য বিভাগে পূৱ আৰু পশ্চিম কাৰ্বি আংলঙত বিভিন্ন আঁচনিৰ জৰিয়তে বেম্ব মিচনত গুৰুত্ব প্ৰদান কৰি আহিছে ৷
হস্ত শিল্পৰ বিভিন্ন প্ৰশিক্ষণৰ জৰিয়তে জিলা দুখনৰ বিভিন্ন নিবনুৱা যুৱক-যুৱতীক চাকৰি নিবিচাৰি চাকৰি দিয়াৰ অৰ্হতা অৰ্জন কৰাৰ লগতে বৃত্তিমুখী হ'বলৈ উৎসাহিত কৰাই জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ লক্ষ্য আৰু উদ্দেশ্য ৷ ডিফু কাৰাগাৰতো কাৰাবন্দীসকলক হস্তশিল্পত উচিত প্ৰশিক্ষণৰ জৰিয়তে হস্তশিল্পৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ কাৰ্যত দক্ষ আৰু নিপুণ কৰি তোলা হৈছে ৷ তাৰ ফলস্বৰূপে ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত কাৰাবন্দীসকলে নিজ হাতে নিৰ্মাণ কৰা সামগ্ৰী সমূহ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ কাৰাবন্দী সকলে কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত যাতে স্বাৱলম্বী হৈ সৎ আৰু স্বচ্ছল জীৱন যাপন কৰিব পাৰে এয়াই জিলা আইন সেৱা প্ৰাধিকৰণ,জিলা উদ্যোগ আৰু বাণিজ্য বিভাগ আৰু ডিফু কাৰাগাৰ কৰ্তৃপক্ষৰ প্ৰয়াস বুলি জানিব পৰা গৈছে ৷
![DIPHU JAIL PROSONER'S HANDYCRAFT SHOW IN KARBI YUTH FESTIVAL ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6101606_jail.jpg)