ETV Bharat / state

প্রাক্তন ছাত্রনেতা, বিশিষ্ট সমাজকর্মী নেত্র গোঁহাইৰ বিয়ােগ - ডিফু ক্লাব

কার্বি আংলং জিলাৰ প্রাক্তন ছাত্রনেতা, বিশিষ্ট সমাজকর্মী, সমাজ সংগঠন অভিনেতা, সাংস্কৃতিক ক্ষেত্ৰখনৰে জড়িত নেত্র গোঁহাইৰ সোমবাৰে পুৱা নগাঁও জিলাৰ কামপুৰ কচুৱাস্থিত নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওৰ বয়স আছিল ৫৩।

diphu-ex-student-leader-passed-away
প্রাক্তন ছাত্রনেতা, বিশিষ্ট সমাজকর্মী নেত্র গোঁহাইৰ বিয়ােগ
author img

By

Published : Nov 16, 2020, 10:23 PM IST

ডিফু, ১৬ নবেম্বৰ: কার্বি আংলং জিলাৰ প্রাক্তন ছাত্রনেতা, বিশিষ্ট সমাজকর্মী, সমাজ সংগঠন অভিনেতা, সাংস্কৃতিক ক্ষেত্ৰখনৰে জড়িত নেত্র গোঁহাইৰ সোমবাৰে পুৱা নগাঁও জিলাৰ কামপুৰ কচুৱাস্থিত নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওৰ বয়স আছিল ৫৩। দীৰ্ঘ দিনধৰি বিভিন্ন জটিল ৰোগত আক্রান্ত হৈ অসুস্থ হৈ থকা গোঁহাইক প্রায় এসপ্তাহ পূর্বে গুৱাহাটীৰ হায়াত হাস্পতালৰ পৰা কামপুৰৰ কচুৱাস্থিত ঘৰলৈ প্রেৰণ কৰা হয়। তেতিয়াৰে পৰা গুৰুতৰভাবে অসুস্থ হৈ থকাৰ অন্তত সোমবাৰে পুৱা প্রায় ১ বজাত গোঁহাইৰ নিজা বাসভৱনতে মৃত্যু হয় ৷

diphu-ex-student-leader-passed-away
প্রাক্তন ছাত্রনেতা, বিশিষ্ট সমাজকর্মী নেত্র গোঁহাইৰ বিয়ােগ

উল্লেখযােগ্য যে, এগৰাকী প্রাক্তন ছাত্রনেতা হিচাপে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ২০০৬ চনৰ পৰা ২০১০ চনলৈকে কেন্দ্রীয় কার্যনির্বহক সদস্যৰ দায়িত্ব পালন কৰাৰ লগতে ২০০৯ চনৰ পৰা ২০১১ চনলৈকে সংগঠনটোৰ কাৰ্বি আংলং জিলা সমিতিৰো উপ-সভাপতিৰ গুৰু দায়িত্ব পালন কৰিছিল। এগৰাকী বিশিষ্ট সমাজকর্মী তথা সমাজ সংগঠক হিচাপে ডিফুৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ সৈতে জড়িত প্রয়াত গোঁহাই ডিফু ক্লাব, ডিফ়ু কেন্দ্রীয় বিহু, ডিফু বৰ নামঘৰ, ডিফু কলাকেন্দ্র, অসম সাহিত্য সভাৰ সৈতে ওতঃপ্রােতঃভাবে জড়িত থকাৰ লগতে অনুষ্ঠানসমূহৰ বিভিন্ন গুৰুত্বপূর্ণ পদত কার্যনির্বাহ কৰি সমাজলৈ গুৰুত্বপূর্ণ অৱদান আগবঢ়াই গৈছে। ডিফু ক্লাৱৰ প্রাচীৰ পত্রিকাখনৰো আমৃত্যু সম্পাদকৰ দায়িত্ব পালন কৰিছিল প্রয়াত গোঁহায়ে। এগৰাকী অভিনেতা হিচাপেও মঞ্চ আৰু কেমেৰাৰ সম্মুখত নিজ প্রতিভাৰ চানেকী ৰাখি থৈ যােৱা নেত্র গোঁহাইৰ মঞ্চৰ এগৰাকী সফল অভিনেতা হিচাপে পৰিচিত হােৱাৰ লগতে দুৰদর্শনৰ কেইবাখনাে ধাৰাবাহিক আৰু বােলছবিতাে অভিনয় কৰিছিল। শেহতীয়াকৈ, বৈদ্যুতিন চেনেল আসাম টকছৰ ডিফুৰ ভিডিঅ জার্ণেলিষ্ট হিচাপে সংবাদক্ষেত্রতাে প্রয়াত নেত্র গোঁহায়ে সেৱা আগবঢ়াইছিল। সকলােধবণৰ সামাজিক গঠনমূলক কাম-কাজত আগৰণুৱা, নিঃস্বার্থভাবে সমাজৰ কামত আত্মনিয়ােগ কৰা সৰবৰাহী স্বভাৱৰ নেত্র গোঁহাইৰ মৃত্যুৰ বাতৰিয়ে আজি পুৱাৰে পৰা কাৰ্বি আংলঙত গভীৰ শােকব ছাঁ পেলাইছে। বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে নেত্র গোঁহাইৰ মৃত্যুত গভীৰ শােক ব্যক্ত কৰিছে। কার্বি আংলং জিলা ছাত্র সন্থাৰ সাধাবণ সম্পাদক চৰ্জুন হাঞ্চেই নেত্র গোঁহাইৰ মৃত্যুত গভীৰ শােক ব্যক্ত কৰাৰ লগতে শােকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জাপন কৰিছে।
লগতে পঢ়ক: উত্তৰ প্ৰদেশত উদ্ধাৰ সন্ধানহীন যুৱতীৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.