ডিফু, 23 এপ্ৰিল : ৰাজ্যজুৰি ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিড-19ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ কৰ’ণাৰ সংক্ৰমণে জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে কাৰ্বি আংলং জিলা সত্ৰ ন্যায়াধীশগৰাকীও কৰ’ণাত আক্ৰান্ত হোৱাৰ এক তথ্য পোৱা গৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি, কাৰ্বি আংলং জিলা সত্ৰ ন্যায়াধীশ আব্দুল হেকিম আক্ৰান্ত হৈছে কৰ’ণা মহামাৰীত ৷ কৰ’ণাৰ সংক্ৰমণে শেহতীয়াকৈ জটিল ৰূপ ধাৰণ কৰা পাহাৰীয়া জিলাখনত বুধবাৰৰ পৰ্যন্ত মুঠ ২১৬ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে ।
জিলাখনত যোৱা ২০ এপ্ৰিলত চাহিদা বেগম (৬২) আৰু ২১ এপ্ৰিলত ভজন দে’ (৫৭) নামৰ দুজন লোক কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি চৰকাৰীভাৱে ঘোষণা কৰা হৈছে । জিলাখনত সম্প্ৰতি দৈনিক ১৫০০লোকৰ কৰ’ণাৰ পৰীক্ষা কৰোৱাৰ লগতে ভেকচিন প্ৰদান কৰা হৈছে বুলি জিলা প্ৰশাসনে সদৰি কৰিছে ।
লগতে পঢ়ক: লক ডাউনৰ পৰিৱেশ সৃষ্টি নকৰিবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰীৰ