ডিফু, ১৭ নবেম্বৰ: কার্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত নগা দুষ্কৃতিকাৰীৰ বেদখলক কেন্দ্র কৰি জিলাখনত উত্তেজনা অব্যাহত আছে। কার্বি ছাত্র সংস্থাকে ধৰি এঘাৰটা ছাত্র সংগঠনে মংগলবাৰৰ পৰা নাগালেণ্ডৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে। ইয়াৰ বিপৰীতে কংগ্রেছ দলে আজি কার্বি আংলং জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্রী আৰু কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙলৈ এখন স্মাৰকপত্র প্রেৰণ কৰি সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি সম্পর্কে শীঘ্রে পদক্ষেপ গ্রহণ কৰি অসমৰ ভূমি সুৰক্ষিত কৰাৰ আহ্বান জনাই ।
কার্বি আংলং জিলা কংগ্রেছৰ সভাপতি খৰছিং ইংতিৰ নেতৃত্বত এটা সঁজাতি দলে প্রেৰণ কৰে এই স্মাৰকপত্রখন । ইয়াৰ পিছতে জিলা কংগ্রেছৰ কার্যালয়ত এখন সংবাদমেল সম্বোধন কৰে জিলা কংগ্রেছৰ উপ-সভাপতি ৰতন ইংতিয়ে। এই সংবাদমেলত পশ্চিম কার্বি আংলং জিলা কংগ্রেছৰ সভাপতি চার্থে ক্রামছা,কার্বি আংলং জিলা কংগ্রেছৰ উপ-সভাপতি ৰাতুল টেৰণ,কার্বি আংলং জিলা কংগ্রেছৰ সাধাৰণ সম্পাদক ডাঃ মংৱে ৰংপি উপস্থিত থাকে। সংবাদমেলত অসম-নাগালেণ্ড সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি অধ্যয়নৰ বাবে জিলা কংগ্রেছে এটা 13 জনীয়া দল গঠন কৰে । এই দলে সীমান্ত অঞ্চল ভ্রমণ কৰি পোৱা তথ্যৰ সম্পর্কে কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদ আৰু অসম চৰকাৰক অৱগত কৰিছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ বাবে সীমান্তত আজি এই পৰিস্থিতিৰ উদ্ভৱ হয় বুলি সংবাদমেলত প্ৰকাশ কৰে দলটোৱে ।
অন্য এক খবৰৰ বাবে: দালাই লামাক ভাৰত ৰত্ন দিয়াৰ দাবী তিব্বত মুক্তি আন্দোলনৰ নেতাৰ
জিলা কংগ্রছে দাবী কৰে যে,বেদখল হোৱা অঞ্চল সম্পূর্ণ সংৰক্ষিত বনাঞ্চল আৰু ১৯৫১ চনৰ ভিত্তিত এই সীমা নির্ধাৰিত থাকিব লাগে। আনহাতে,সীমান্ত ৰক্ষাৰ স্বার্থত যি দলেই প্রতিবাদী কার্যসূচী গ্রহণ নকৰক কিয় কংগ্রেছ দলে তাত সহযোগ কৰিব বুলিও সংবাদমেলত স্পষ্ট কৰে দলটোৱে ।
আনহাতে, চার্থে ক্রামছাই কয় যে,সীমান্তৰ বিষয়টো সংসদত উত্থাপন হোৱাৰ কথা আছিল যদিও কার্বি আংলঙৰ ৰাইজক কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদে ৰাম ঠগন দিছে । জাতি-মাটি-ভেটিৰ ৰক্ষা কৰাৰ কথা কৈ ক্ষমতালৈ অহা চৰকাৰখনে কার্বি আংলং জিলাত এতিয়া সম্পূর্ণ বিপৰীত কাম কৰা পৰিলক্ষিত হৈছে । ইয়াৰ বিপৰীতে নাগালেণ্ডক কার্বি আংলঙৰ ভূমি গতাই দিয়াৰ যি ব্যৱস্থা গ্রহণ কৰিছে তাৰ আমি বিৰোধিতা কৰি আহিছো আৰু ভৱিষ্যতেও কৰি যাম বুলি মন্তব্য কৰে ক্রামছাই । পৰিষদৰ এই কার্যৰ বাবে টীম কার্বি আংলঙক ৰাইজে ঘৃণা কৰিব বুলিও ক্রামছাই মন্তব্য কৰে ৷
অন্য এক খবৰৰ বাবে: চিৰাঙত ইউপিপিএলৰ জনসভা
জিলা কংগ্রেছৰ সাধাৰণ সম্পাদক মংবে ৰংপিয়ে সংবাদমেলত কয়, জাতি,মাটি,ভেটিৰ শ্ল'গান আওৰাই ক্ষমতালৈ অহা বিজেপি দলে এই শ্ল'গান ৰক্ষা কৰিব পৰা নাই । সাংসদ হৰেণছিং বেৰৰ পৰা আজি পর্যন্ত এই সন্দর্ভত এটা প্রতিক্রিয়া নহাটোও তাৎপর্যপূর্ণ বুলি ৰংপিয়ে দোহাৰে । মিজোৰামৰ দৰে অৱস্থা যাতে কার্বি আংলঙত উদ্ভৱ নহয়,তাৰ বাবে সময় থাকোতেই ব্যৱস্থা গ্রহণ কৰিবলৈ অসম চৰকাৰক তেওঁ আহ্বান জনায়।
ৰতন ইংতিয়ে কয় যে,কার্বি আংলং জিলাৰ মানুহৰ দ্বাৰা এখন সমিতি গঠন কৰি নগা আৰু স্থানীয় কার্বি লোকক লগত লৈ সীমান্ত অঞ্চলত গাঁও পতাৰ সন্মতি কোনে দিলে এই কথা পৰিষদে কার্বি আংলঙৰ জনতাক জনাব লাগিব বুলি দাবী কৰে । নাগালেণ্ডৰ পৰা কার্বি আংলঙৰ ভূমিত পট্টা প্রদান কৰা বিষয়টোৰ ক্ষেত্রত কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদ নিশ্চুপ হৈ থকা বিষয়টো ৰহস্যজনক বুলিও ইংতিয়ে উল্লেখ কৰে।