ডিফু, ২১ অক্টোবৰঃ কার্বি আংলং জিলাৰ ডিলাই আৰক্ষীয়ে মঙলবাৰে চলােৱা এক অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট সহ তিনিজন ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষী সূত্রে লাভ কৰা তথ্য অনুসৰি, এক গােপন সূত্রৰ ভিত্তিত আজি দিনৰ প্রায় ১২ঃ২০ বজাত ডিলাই থানাৰ ভাৰপ্রাপ্ত বিষয়া ৰাজু বাহাদুৰ ছেত্রীৰ নেতৃত্বত ডিলাই আৰক্ষীয়ে ৩৬ নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত এক বিশেষ তালাচী অভিযান চলায়। উক্ত অভিযানত আৰক্ষীৰ দলটোৱে ইম্ফলৰ পৰা গুৱাহাটী অভিমুখী এ-এছ-১৮-চি-৪৮৯১ নম্বৰ ছয় চকীয়া ট্রাকখনত তালাচী চলাই বিশটা পেকেটত মুঠ ৪০,০০০ য়াবা টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ড্রাগছ সমূহ ট্রাকখনৰ কেবিনত লুকুৱাই অনা হৈ্ছিল বুলি জানিব পৰা গৈছে।
![Diphu apprehanded three drugs smugler with illigal drugs](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asdiphu21102020apprehandedthreedrugssmuglerwithilligaldrugs_21102020180227_2110f_1603283547_813.jpg)
এই সন্দর্ভত আৰক্ষীয়ে তিনিটা ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে। ধৃত ড্রাগছ সৰবৰাহকাৰীকেইটা ক্রমে মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ মইবাঙৰ হুছেইন আহমেদ (২১), লিলঙ জিলাৰ নবাজ (২০) আৰু ৱাহিদুৰ (১৯) নামৰ তিনি ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিছে। ধৃত নিচাযুক্ত টেবলেটসমূহৰ বজাৰ মূল্য কমেও আঢ়ৈ কোটি টকা বুলি জানিব পৰা গৈছে।
![Diphu apprehanded three drugs smugler with illigal drugs](https://etvbharatimages.akamaized.net/etvbharat/prod-images/asdiphu21102020apprehandedthreedrugssmuglerwithilligaldrugs_21102020180227_2110f_1603283547_250.jpg)