ETV Bharat / state

ডিলাইৰ ড্ৰাগছ জব্দৰ ঘটনা : পলাতক চালক আছিকুল ইছলামৰ আত্মসমৰ্পণ

বিগত 18 জুলাইত ডিলাই আৰক্ষীয়ে তালাচী চলাই এখন ছুইফট ডিজায়াৰ বাহনৰ পৰা দহটা চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত 120 গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত আৰক্ষীয়ে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে উক্ত কাণ্ডৰ মূল অভিযুক্ত হিচাপে চিহ্নিত হোৱা মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত পশ্চিম টাকিকাটা গাঁৱৰ আছিকুল ইছলাম (26)ৰ সন্ধানত অভিযান আৰম্ভ কৰে ।

DILAI DRUGS MAIN ACCUSED SURRENDERED ETV BHARAT ASSAM NEWS
ডিলাইৰ ড্ৰাগছ জব্দৰ ঘটনাঃ পলাতক চালকৰ আছিকুল ইছলামৰ মৰিগাঁৱত আত্মসমৰ্পণ
author img

By

Published : Jul 26, 2021, 10:27 PM IST

ডিফু, 26 জুলাই : শেহতীয়াকৈ সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ হোৱা ঘটনাই পোহৰলৈ আনিছিল ড্ৰাগছ সৰবৰাহৰ ভয়াৱহ ছবি ৷ ইতিমধ্যে ৰাজ্যত জব্দ হোৱা বুজন পৰিমাণৰ ড্ৰাগছ নষ্ট কৰা কাৰ্যসূচী আৰম্ভ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ ভূমিকাত পলাতক অপৰাধী উপায়হীন হৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ ঘটনাত বিশেষ তাৎপৰ্য বহন কৰিছে ডিলাই আৰক্ষীয়ে ৷ ইয়াৰ মাজতে কাৰ্বি আংলং জিলাৰ ডিলাইত আৰক্ষীয়ে জব্দ কৰা বুজন পৰিমাণৰ হেৰ’ইন সৰবৰাহৰ ঘটনাৰ সৈতে জড়িত মূল অভিযুক্তই মৰিগাঁও আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ বাতৰি পোৱা গৈছে ৷

উল্লেখ্য যে, বিগত 18 জুলাইত ডিলাই আৰক্ষীয়ে তালাচী চলাই এখন ছুইফট ডিজায়াৰ বাহনৰ পৰা দহটা চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত 120 গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত আৰক্ষীয়ে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে উক্ত কাণ্ডৰ মূল অভিযুক্ত হিচাপে চিহ্নিত হোৱা মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত পশ্চিম টাকিকাটা গাঁৱৰ আছিকুল ইছলাম (26)ৰ সন্ধানত অভিযান আৰম্ভ কৰে । ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত ডিলাই আৰক্ষীয়ে আছিকুলৰ মৰিগাঁৱস্থিত বাসভৱনতো তালাচী চলায় ।

আৰক্ষীৰ এনে অভিযানৰ মাজতে মূল অভিযুক্তই কালি মৰিগাঁও আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । ডিলাই আৰক্ষীয়ে দেওবাৰে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক নিজৰ জিম্মালৈ আনি গ্ৰেপ্তাৰ কৰি সোমবাৰে আদালতত হাজিৰ কৰাৰ পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰে । ইপিনে ড্ৰাগছৰ বেহাত জড়িত থকাসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম হ'বলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইফালে আৰক্ষী-প্ৰশাসন সৰৱ হোৱাৰ বাবে ড্ৰাগছ নাপাই বহু যুৱকে ঘৰুৱা সা-সম্পত্তি ধ্বংস কৰাৰ লগতে অন্য কিছুসংখ্যকে চুৰি কাৰ্যত নমা পৰিলক্ষিত হৈছে ৷ ড্ৰাগছৰ এই ভয়াৱহ ছবিত যুৱ-প্ৰজন্ম জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে ৷ ড্ৰাগছে গ্ৰাস কৰা সমাজখনত এতিয়া একপ্ৰকাৰ ধ্বংসৰ মুখলৈ গতি কৰিছে কিছুসংখ্যক যুৱক ৷

লগতে পঢ়ক: ঈশান উদয় বৃত্তি: মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.