ETV Bharat / state

Dengue outbreak in Diphu:ডিফুত ডেংগুৰ সংহাৰী ৰূপ,পুনৰ এজনৰ মৃত্যু

ডিফু চহৰত অব্যাহত ডেংগুৰ প্ৰকোপ ৷ ডিফু চহৰৰ বিৰলা, ডেংগুৰ হটস্পটত পৰিণত হোৱাৰ বিপৰীতে শীতলাবাড়ী, শিৱবাড়ী আদি অঞ্চলতো ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷ জিলা স্বাস্থ্য বিভাগে ডেংগু আক্ৰান্ত অঞ্চলসমূহত ডেংগু বিয়পোৱা মহ মাৰিবলৈ ফ'গিং কৰিছে ৷

Dengue awareness rally in Diphu
ডিফুত ডেংগুৱে লৈছে সংহাৰী ৰূপ
author img

By

Published : Jul 18, 2023, 8:02 PM IST

ডিফুত ডেংগুৱে লৈছে সংহাৰী ৰূপ

ডিফু, ১৮ জুলাই: ডিফুত ডেংগুৱে লৈছে সংহাৰী ৰূপ । বিগত মে’মাহৰ পৰা ডিফু চহৰৰ বিভিন্ন অঞ্চলত আৰম্ভ হোৱা ডেংগু জ্বৰত এতিয়ালৈকে ৫৬৯ গৰাকী লোক আক্ৰান্ত হৈছে । যোৱা ৫ জুলাইত ৰহিলা টেণপী নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ পাছত আজি পুৱা এলেক্স ৰংপি (২৯) নামৰ এজন যুৱকৰো ডেংগুত আক্রান্ত হৈ মৃত্যু হয়। ডিফু চহৰৰ বিৰলা, শীতলাবাড়ী, ছার্থে ক'লনি, শিৱবাৰী আদি অঞ্চলৰ লগতে দাঁতিকাষৰীয়া অঞ্চললৈ ক্ৰমাৎ ডেংগু বিয়পা পৰিলক্ষিত হৈছে ।

ডেংগুৰ প্রকোপ প্ৰতিৰোধৰ বাবে জিলা স্বাস্থ্য বিভাগে ডিফু চহৰৰ সকলো ৱাৰ্ডৰ প্রত্যেকৰে বাসগৃহলৈ গৈ ডেংগুৰ উৎপত্তি স্থলসমূহ ধ্বংস কৰাৰ লগতে জনসাধাৰণক সজাগ কৰি তোলাৰ প্ৰচেষ্ট লৈছে । লগতে ফগিং কৰাও পৰিলক্ষিত হৈছে।

লগতে পঢ়ক:Drugs peddler arrested with huge amount of drugs:পেঙেৰী ব্ৰহ্মাজানত বৃহৎ পৰিমাণ মাৰাত্মক ড্ৰাগছসহ আটক সৰবৰাহকাৰী

আনহাতে, মঙলবাৰে স্বাস্থ্য বিভাগৰ যুটীয়া সচিবৰ কাৰ্যালয়ৰ উদ্যোগত ডিফু চহৰত ডেংগুৰ প্ৰতিৰোধ আৰু সজাগতা সৃষ্টিৰ বাবে বাইক ৰেলী উলিওৱা হয় ৷ ডিফু চহৰৰ ডেংগু আক্রান্ত অঞ্চল সমূহৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত এই বাইক ৰাইডাৰ সকলে গৈ ডেংগুৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ চেষ্টা চলায় ৷

জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ বৰছিং ৰংপিয়ে ডেংগু নির্মূলৰ বাবে স্বাস্থ্য বিভাগে লোৱা প্ৰচেষ্টা সমূহৰ বিষয়ে জনসাধাৰণক অবগত কৰাৰ উদ্দেশ্যে এই প্রচেষ্টা লোৱা বুলি কয় । তেওঁ চহৰখনৰ সকলো নাগৰিকক ডেংগুৰ বিৰুদ্ধে সজাগ হৈ থকাৰ লগতে নিজ নিজ বাসগৃহসমূহ চাফ-চিকুণকৈ ৰখাৰ আহ্বান জনায় । চাফ-চিকুণকৈ নৰখা লোকৰ বিৰুদ্ধে জৰিমনা বিহাৰ চিন্তা-চৰ্চা কৰা বুলিও যুটীয়া সঞ্চালকগৰাকীয়ে সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে ৷

উল্লেখ্য় যে ডেংগুত আক্ৰান্ত হৈ কিছুদিন পূৰ্বে গৰাকী মহিলা ৰোগীৰ মৃত্যু হয় । ডিফু চিকিৎসা মহাবিদ্যালয়ত ৰহিলা টেৰণপী নামৰ মহিলাগৰাকীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ পিচত ডেংগুৰ প্ৰকোপ ৰোধৰ বাবে গুৱাহাটীৰ পৰা তিনিজনীয়া এটা বিশেষজ্ঞৰ দলে ডিফুত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় ।

লগতে পঢ়ক:Creation of post of headmaster in primary schools:প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত মত বিনিময় অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.