ডিফু, ২২ জুন : শেহতীয়াকৈ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল । নিৰ্বাচনত ২৬ টা সমষ্টিতে বিজেপি জয়ী হৈছে (KAAC election results 2022)। লগে লগে পুনৰ বাৰ পৰিষদ বিজেপিৰ দখললৈ গ'ল । ইয়াৰ পাছতে দেখা গৈছে বিভিন্ন ধৰণৰ জল্পনা কল্পনা ।
সদস্য পদৰ বাবে বিভিন্নজনৰ নাম চৰ্চাত আছে যদিও বিভিন্ন সংগঠনে তেওঁলোকৰ সম্প্ৰদায়ৰ লোকক সদস্য পদ দিয়াৰ বাবে দাবী উত্থাপন কৰা দেখা গৈছে । এইবাৰ গাৰো সম্প্ৰদায়ৰ লোকক সদস্য পদৰ বাবে মনোনীত কৰিবলৈ দাবী জনাইছে গাৰো সম্প্ৰদায়ৰ বিভিন্ন সংগঠনসমূহে (Demand to nominate Garo community for MAC) ৷ বুধবাৰে ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই দাবী উত্থাপন কৰে গাৰো সংগঠনসমূহৰ নেতৃবৰ্গই ৷
গাৰো কালচাৰেল ছ'চাইটিৰ সভাপতি পলাশ চাংমায়ে প্ৰকাশ কৰে যে, কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদ গঠন হোৱাৰ পৰা জিলাখনত বসবাস কৰা গাৰোসকলৰ কোনো জনপ্ৰতিনিধি কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদলৈ নিৰ্বাচিত হোৱা নাই ৷ সেইবাবেই গাৰোসকল ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক দিশত পিছ পৰি থকাৰ লগতে বিভিন্ন দিশৰ পৰা বঞ্চিত হৈ আছে বুলি তেওঁ অভিযোগ কৰে ৷ সেয়েহে গাৰো কালচাৰেল ছ'চাইটি, গাৰো ইউনিয়ন, ক্লুৰদুঙ এলেকাৰ চৰকাৰী গাঁওবুঢ়া আৰু গাৰো ছাত্ৰ সন্থাই উক্ত বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰি এক যৌথ বৈঠকত মিলিত হয় (Garo organizations meeting in Karbi Anglong)৷
বৈঠকৰ সিদ্ধান্ত সন্দৰ্ভত ক্লুৰডুং এলেকাৰ চৰকাৰী গাঁওবুঢ়া ৰছেন্দ্ৰ মাৰাক আৰু গাৰো ছাত্ৰ সন্থাৰ সভাপতি ফ্ৰাঞ্চছ মমিনে গাৰো কালচাৰেল ছ'চাইটিৰ সভাপতি প্ৰকাশ চাংমাক গাৰো জাতিক প্ৰতিনিধিত্ব কৰিবলৈ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদত সদস্য পদৰ বাবে মনোনীত কৰিবলৈ দাবী জনায় ৷ ডাঃ তুলিৰাম ৰংহাঙৰ নেতৃত্বক উচ্চ প্ৰশংসা কৰি প্ৰকাশ চাংমাক গাৰো সম্প্ৰদায়ৰ পৰা সদস্য হিচাপে মনোনীত কৰিবলৈ দাবী জনায় ৷ পূৰ্ণাঙ্গ ৰূপত ত্ৰয়োদশ কাৰ্বি আংল স্বায়ত্ত্ব শাসিত পৰিষদ গঠন হোৱাৰ পিছতে এই সন্দৰ্ভত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰিব বুলিও গাৰো নেতৃবৰ্গই জানিবলৈ দিয়ে ৷
লগতে পঢ়ক :New Chairman of KAAC : কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ অধ্যক্ষ পদত ৰাজু তিছ'